মহানগৰীৰ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰি প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকাসমূহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক এছ এন সিঙৰ সৈতে মন্ত্ৰী অশোক সিংহলৰ বিশেষ বৈঠক

মন্ত্ৰী অশোক সিংহলে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰাৰ লগতে তেনে ভৱনসমূহৰ বাসিন্দাসকলক সম্ভাব্য অগ্নিকাণ্ড তথা অন্যান্য জৰুৰীকালীন অৱস্থাৰ সন্দৰ্ভত সচেতন কৰাৰ বাবে প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে। লগতে সম্ভাব্য দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত অগ্নিনিৰ্বাপনৰ প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকাসমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...