দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অ’পাৰেশ্যন-2.0

গুৱাহাটীত পিয়াপি দি ফুৰা মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ হৈছে মহানগৰ আৰক্ষীৰ অ’পাৰেশ্যন-টু। এইবাৰ মাটিৰ দালাললৈ লক্ষ্য কৰি গৰজি উঠিল আৰক্ষীৰ ছাৰ্ভিছ পিষ্টল। মহানগৰীৰ লখৰা অঞ্চলত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ’ল মাটিৰ দালাল ৰমেন মদাহী। বশিষ্ঠ থানাত ৰুজু হৈ থকা গোচৰ সন্দৰ্ভত নিশা দালালটোৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান। তেতিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰমেন মদাহীয়ে। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ দালালটো। হাতীগাঁও নিবাসী গুৱাহাটীৰ কুখ্যাত অথচ প্ৰভাৱশালী মাটিৰ দালাল নুৰ আলী বৃহৎ গেঙৰ হৈ কাম কৰিছিল গুলীবিদ্ধ ৰমেন মদাহীয়ে। পলাতক নুৰ আলী সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।

দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অ’পাৰেশ্যন-2.0
মাটিৰ দালালৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ ছাৰ্ভিছ পিষ্টল
মহানগৰীৰ লখৰা গুলীবিদ্ধ মাটিৰ দালাল ৰমেন মদাহী
কুখ্যাত মাটিৰ দালাল নুৰ আহমেদৰ হৈ কাম কৰিছিল ৰমেনে
পলাতক নুৰক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান
আব্দুল জলিল খান নামৰ আৰু এটা দালালক আটক

নামজাৰীৰ জাল/ OPS 2.0
তাপশ, ধ্ৰুৱ, মইনুল, নিতুল, বাপধন জালত
এইবাৰ আৰক্ষীৰ জালত ৰমেন নামৰ আৰু এটা দালাল
লখৰা লালুং গাঁৱৰ ৰমেন মদাহীলৈ আৰক্ষীৰ গুলী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ বিচনাত পৰি থকা এইটোৱেই ৰমেন মদাহী। বশিষ্ঠ থানাত ৰুজু হৈ থকা ৬৪৫/২৩ নম্বৰৰ ভূমি জালিয়াতিৰ এক গোচৰ। সেই গোচৰ সন্দৰ্ভতে ৰমেন মদাহীক বিচাৰি লখৰাৰ লালুংগাঁৱত দেওবাৰে নিশা চলিছিল আৰক্ষীৰ অভিযান। অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰে ৰমেন মদাহীয়ে। তেতিয়াই ৰমেনলৈ লক্ষ্য কৰি গৰজি উঠিল আৰক্ষীৰ পিষ্টল। আৰক্ষীৰ কঠোৰ পহৰাৰ মাজত সোঁ-ভৰিত গুলীবিদ্ধ ৰমেন মদাহী এতিয়া GMCHত চিকিৎসাধীন।

কুখ্যাত মাটিৰ দালাল নুৰুদ্দিন আহমেদ ওৰফে নুৰৰ হৈ কাম কৰিছিল গুলীবিদ্ধ ৰমেনে। এইজন নুৰুদ্দিন আহমেদ, সম্প্ৰতি পলাতক। দেখাত সাইলাখ মুছলমান মৌলবী। দেখিলে কোনেও ধৰিবই নোৱাৰে যে নুৰে মাটিৰ দালালি কৰে। গুৱাহাটী মহানগৰীত পিয়াপি দি ফুৰা কুখ্যাত মাটিৰ দালালবোৰৰ অন্যতম কুখ্যাত নাম এই নুৰ। প্ৰয়াত কংগ্ৰেছী মন্ত্ৰী ভূমিধৰ বৰ্মণে ৰাজহ বিভাগৰ দায়িত্বত থকা দিনৰে পৰা গুৱাহাটীত মাটিৰ দালালি কৰে নুৰুদ্দিন আহমেদে। নুৰৰ দালালি চক্ৰৰ কবলত পৰি গুৱাহাটীৰ বহু লোকে চিৰদিনৰ বাবে হেৰুৱাইছে নিজৰ মাটি-সম্পত্তি। বিনিময়ত নাপালে ফুটা কড়ি এটাও। গুৱাহাটীত থকা মাটিৰ দুগৰাকীমান মালিকৰ ৰহস্যজনক মৃত্যুৰ সৈতেও সাঙোৰ খাই আছে নুৰুদ্দিন আহমেদৰ নাম। মাটিৰ দালালি কৰি গঢ়ি তোলা বিশাল ক’লা ধনৰ ভাণ্ডাৰ বগা কৰিবলৈ স্কুলৰ ব্যৱসায় আৰম্ভ কৰিছে দালাল নুৰুদ্দিন আহমেদে। গুৱাহাটীৰ সিজুবাৰী খানকাহত থকা এই আল হিদাত নামৰ বিদ্যালয়খনৰ মালিক মাটিৰ দালাল নুৰ। হাজোৰ বৰম্বৈতো একে নামৰে আন এখন বিদ্যালয় খুলি থৈছে নুৰুদ্দিন আহমেদে।

এই নুৰৰ হৈয়ে কাম কৰিছিল দেওবাৰে আৰক্ষীৰ গুলীত বিদ্ধ হোৱা মাটিৰ দালাল ৰমেন মদাহীয়ে। মাটিৰ দালালে গুঠা ভুৱা নামজাৰীৰ জাল ফালিবলৈয়ে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অ’পাৰেশ্যন 2.0। দালালৰ বিৰুদ্ধে আৰক্ষীৰ এই ২য় পৰ্যায়ৰ অভিযানৰ পূৰ্বে একমাত্ৰ NKTVয়ে ফাদিল কৰিছিল মাটিৰ দালাল চক্ৰৰ ভয়ানক কাহিনী। তাৰ পিছতে দালালৰ বিৰুদ্ধে তৎপৰ হৈছিল মহানগৰ আৰক্ষী। নতুনকৈ বশিষ্ঠ আৰক্ষী থানা আৰু ক্ৰাইম ব্ৰান্সত ৰুজু হৈছিল দুটা পৃথক গোচৰ। NKTVৰ বাতৰিৰ ভিত্তিতে অনুসন্ধান আৰম্ভ কৰি দেওবাৰলৈ ৫ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুলীবিদ্ধ হৈ গ্ৰেপ্তাৰ হোৱা ৰমেন মদাহীসহ গ্ৰেপ্তাৰৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...