গুৱাহাটী মহানগৰীত যমদূতৰ ৰূপত চিটীবাছ

গুৱাহাটী মহানগৰীত যমদূতৰ ৰূপত চিটীবাছ
চিটীবাছৰ দৌৰাত্ম্যৰ বাবেই প্ৰাণ হেৰুৱালে বহুজনে
দুৰ্ঘটনাৰ পিছতে নাটক কৰে আৰক্ষী-প্ৰশাসনে
বাস্তৱত সকলো হয়গৈ ফুটুকাৰ ফেন

তাৰ পৰিণতিতে মঙলবাৰে পুৱাই গুৱাহাটীত প্ৰাণ হেৰুৱালে এজনে
খানাপাৰাত ৰাজ্যিক পৰিবহণ নিগমৰ গ্ৰীণ বাছৰ খুন্দাত নিহত অট’চালক

অভিযোগ অনুসৰি হেণ্ডিমেনৰ অতপালিতেই সংঘটিত হয় এই শিহৰণকাৰী দুৰ্ঘটনা। পৰিৱহণ নিগমৰ বাছখন পুৱা চলকে নহয়, চলাইছিল হেণ্ডিমেনে। অনভিজ্ঞ চালকৰূপী হেণ্ডিমেনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত মহতিয়াই নিয়ে অট’আস্থানত থকা ৩খনকৈ অট’। দুৰ্ভাগ্যৱসত নিয়ন্ত্ৰণহীন এই গ্ৰীণ বাছখনৰ তলত সোমাই পৰে নিহত অট’চালকজন। গ্ৰীণবাছৰ খুন্দাত থিতাতে নিহত হয় হিতেশ কলিতা নামৰ অট’চালকজনৰ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুজনলোক। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন পৰিৱহণ নিগমৰ বাছৰ হেণ্ডিমেনে।

পুৱাতেই সংঘটিত এই দুৰ্ঘটনাই থানবান কৰি গ’ল এখন সুখৰ সংসাৰ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মৃত হিতেশ কলিতা। নিথৰুৱা হ’ল হিতেশ কলিতাৰ পত্নী আৰু দুই পুত্ৰ। পৰিৱহণ নিগমৰ বাছৰ খুন্দত দৰিদ্ৰ অট’চালকজনৰ মৃত্যুৰ পিছতে উঠিছে হতভগীয়া পৰিয়ালটোক ক্ষতিপূৰণৰ দাবী।

কিন্তু গুৱাহাটীত এইটোৱেই প্ৰথম ঘটনা নহয়, দীৰ্ঘদিনে মহানগৰীত এনেদৰেই অব্যাহত চিটিবাছৰ দৌৰাত্ম্য। কিন্তু মহানগৰীৰ যানবাহন আৰক্ষী অথবা এনফ’ৰ্চমেণ্ট বিভাগে এনে অতপালি ৰোধত লাজ লগাকৈয়ে হৈছে ব্যৰ্থ। ৰাইজৰ অভিযোগ চৰকাৰী হোৱাৰ বাবেই গুৰু গোঁসাই নামানে পৰিৱহণ নিগমৰ বাছে। ফলত আচম্বিতে এনেদৰেই থানবান হৈ যায় একো একোখন সংসাৰ। ইমানৰ পিছতো শিক্ষা হ’বনে সংশ্লিষ্ট কৰ্তৃপক্ষৰ? পৰিৱহণ নিগমৰ বাছৰ খুন্দাত মৃত্যু হোৱা অট’চালকজনৰ পৰিয়ালে পাবনে উচিত ক্ষতিপূৰণ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...