এইবাৰ নিজেই নিজৰ মুখা খুলিলে ৰঙা চীনে; ১০০ বছৰৰ ভিতৰত তৃতীয়টো বৃহৎ সিদ্ধান্ত চীনৰ

ভাৰত-চীন সীমা বিবাদৰ মাজতে চীনৰ পৰা আহিছে এক ভয়াৱহ খবৰ। শাসনাধিষ্ঠ চীন কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিচিয়ে মঙলবাৰে প্ৰকাশ কৰা এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱত কয় যে, চীনা সামৰিক বাহিনীয়ে ‘সীমান্ত প্ৰতিৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ অভিযান’ আৰম্ভ কৰিছে আৰু এক আধুনিক সশস্ত্ৰ বাহিনী গঢ়ি তোলাৰ বাবে প্ৰশিক্ষণ তুংগত তুলিছে।

চি.পি.চি.-ৰ ‘সাফল্য আৰু ঐতিহাসিক অভিজ্ঞতা’ৰ ওপৰত ১০০ বছৰত গৃহীত হোৱা তৃতীয়টো প্ৰস্তাৱে এইটোও স্বীকাৰ কৰিছে যে সামৰিক বাহিনীৰ লগত দলটোৰ নেতৃত্বৰ ‘স্পষ্টভাৱে সমন্বয়ৰ অভাৱ’ আছিল কিন্তু বৰ্তমান ‘ভালৰ বাবে এক মৌলিক পৰিৱৰ্তন’ সাধন কৰা হৈছে।

বিগত সপ্তাহত বেইজিঙত অনুষ্ঠিত চিপিচিৰ কেন্দ্ৰীয় সমিতিৰ চাৰিদিনীয়া বৈঠকৰ অন্তত এই প্ৰস্তাৱ গৃহীত হৈছিল। বিৰোধীসকলৰ বাবে এক বাৰ্তা হিচাপে ব্যাখ্যা কৰিব পৰা প্ৰস্তাৱটোত এইদৰে কোৱা হৈছে যে- প্ৰতিৰক্ষা সংগ্ৰাম বৰ্তমান উন্নত কৰা হৈছে আৰু সামৰিক বাহিনী তথা চৰকাৰৰ লগতে সামৰিক-অসামৰিক লোকসকলৰ মাজত ‘অধিক ঐক্য’ গঢ়ি তোলা হৈছে।

মূল দস্তাবেজখনত পিপলছ লিবাৰেচন আৰ্মীৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী সমৰ্থন পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সামৰিক বাহিনীৰ সৈতে চলি থকা অচলাৱস্থাৰ পটভূমিত আহিছে। দস্তাবেজখনত ভাৰতৰ কথা উল্লেখ কৰা হোৱা নাই যদিও PLAৰ ভূমি আৰু সামুদ্ৰিক সীমাত যুদ্ধৰ প্ৰস্তুতিৰ ইংগিত স্পষ্টভাৱে দিয়া হৈছে। উল্লেখ্য যে, ৰাছিয়া, ভাৰত আৰু ভূটানৰ সৈতে চীনৰ স্থল সীমান্ত বিবাদ থকাৰ লগতে দক্ষিণ চীন সাগৰ আৰু পূব চীন সাগৰত জাপানকে ধৰি কেইবাখনো চুবুৰীয়া দেশৰ সৈতে সামুদ্ৰিক বিবাদ আছে।

জি জিনপিঙৰ নেতৃত্বত চীনৰ বিশাল সশস্ত্ৰ বাহিনীটো পূৰ্বতকৈও অধিক সক্ৰিয় হোৱাৰ ইংগিত বহন কৰিছে দস্তাবেজখনে। লগতে নতুন সামৰিক তত্ত্ব, সংগঠন, সেনা, অস্ত্ৰ-শস্ত্ৰ, সঁজুলিৰ প্ৰয়োগৰ সৈতে PLAক নতুন ৰূপত দেখা পোৱাৰো অংগীকাৰ কৰিছে সম্প্ৰসাৰণবাদী দেশখনে।  

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...