USTMৰ স্বত্বাধিকাৰী হকৰ পিছত বেয়াকৈ লাগিছে মুখ্যমন্ত্ৰী শৰ্মা

USTMৰ স্বত্বাধিকাৰী হকৰ পিছত বেয়াকৈ লাগিছে মুখ্যমন্ত্ৰী শৰ্মা। গ্ৰেপ্তাৰ হব পাৰে USTMৰ স্বত্বাধিকাৰী মেহবুবুল হক। মোক বেয়া নাপাব বুলি কৈ মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য।

USTMৰ স্বত্বাধিকাৰীয়ে ভুৱাকৈ উলিয়াইছিল OBC চাৰ্টিফিকেট। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে কৰিমগঞ্জৰ জিলা উপায়ুক্তই। সেই চাৰ্টিফিকেট নাকচ কৰিছিল উপায়ুক্তই। এই বিষয়ত গোচৰ ৰুজু কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। নিজকে শিক্ষাবিদ বুলি দাবী কৰি আনক চাৰ্টিফিকেট দিয়া মানুহজনে নিজেই OBCৰ ভুৱা চাৰ্টিফিকেট উলিওৱা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

ভুৱা চাৰ্টিফিকেট থকা মানুহ এজন কেনেকৈ শিক্ষাবিদ, ফেচবুকতো পোষ্ট মুখ্যমন্ত্ৰীৰ। সংঘাত আৰম্ভ হৈছিল সেই গুৱাহাটীত হোৱা অভূতপূৰ্ব বানৰ পাছত। বান ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা বিজেপি চৰকাৰৰ চকুৰ সন্মুখত গোটেই গুৱাহাটী বুৰ গৈছিল। ৰাইজৰ প্ৰশ্নবাণৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰিছিল USTMক। পাছত USTM-এ ফ্লাদ জেহাদ কৰা বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। USTMৰ ওপৰত জেদ মুখ্যমন্ত্ৰীৰ। সেই কথা সাংবাদিকৰ সন্মুখতো কৈছিল হিমন্ত বিশ্ব শৰ্মাই।

এতিয়া ওলাইছে USTMৰ স্বত্বাধিকাৰী মেহবুবুল হকৰ ভুৱা চাৰ্টিফিকেট প্ৰসংগ। গোচৰ ৰুজু কৰিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে। গতিকে শংকা ঘনীভূত হৈছে গ্ৰেপ্তাৰ হব নেকি USTMৰ স্বত্বাধিকাৰী মেহবুবুল হক? কাৰণ যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...