বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে নেকি? আপোনাৰ বাবে আছে এটা সুখবৰ

আপুনি বাৰু বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে নেকি? বিদেশ ভ্ৰমণৰ ভিছা আবেদনৰ বাবে বায়’মেট্ৰিক্স দিবলৈ দিল্লী বা মুম্বাইলৈ গৈ লাগিছে নেকি আমনি? কিয়নো এতিয়ালৈকে এই প্ৰক্ৰিয়া কেৱল দিল্লী বা মুম্বাইতে সম্পন্ন হৈছিল। শীঘ্ৰেই এই প্ৰক্ৰিয়া অসম আৰু উত্তৰ পূববাসীৰ বাবে ইতিহাস হৈ পৰিব। ভি এফ এছ গ্লোবেলে মূলতঃ গুৱাহাটীত ৬০+ দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সম্মতি প্ৰকাশ কৰিছে। খুব সোনকালেই কোন কোন দেশৰ ভিছা আবেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য আপোনালোকক অৱগত কৰা হ’ব। এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...