নৱবৰ্ষৰ লগতে ‘চাৰ ধাম যাত্ৰা’ক লৈ উৎসাহী তীৰ্থযাত্ৰী

সামৰি লোৱা হ’ব বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীক

নৱবৰ্ষ উদযাপনৰ বাবে বিশ্বজুৰি প্ৰস্তুতি চলাৰ সময়তে ভাৰতত আৰম্ভ হৈছে শীতকালীন চাৰ ধাম যাত্ৰা। বুধবাৰৰ পৰা এসপ্তাহ ধৰি চলিব এই চাৰ ধাম যাত্ৰা। এই শীতকালীন যাত্ৰা সাধাৰণতে উত্তৰাখণ্ডৰ বদ্ৰীনাথৰ পৰা আৰম্ভ হয়। গ্ৰীষ্মকালত অধিকাংশ সময়তে এইব যাত্ৰা চলে যদিও এইবাৰ প্ৰথম শীতকালত আৰম্ভ হৈছে চাৰ ধাম যাত্ৰা। অহা ২ জানুৱাৰীত হৰিদ্বাৰত অন্ত পৰি এই যাত্ৰাৰ। শীতকালীন চাৰ ধাম যাত্ৰাৰ সূচনা কৰিব জগতগুৰু শংকৰাচাৰ্যই। উত্তৰাখণ্ডৰ এই চাৰি তীৰ্থস্থানক হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অন্যতম পৱিত্ৰ তীৰ্থস্থান ৰূপে গণ্য কৰা হয়। বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীক সামৰি আৰম্ভ হয় এই চাৰ ধাম যাত্ৰা। কেইবা যুগ ধৰি চলি আহিছে এই তীৰ্থযাত্ৰা। ইয়াৰ পূৰ্বে যোৱা এপ্ৰিলত হৈছিল উত্তৰাখণ্ডৰ এই চাৰি ধাম যাত্ৰা। এই চাৰি ধামৰ মাহাত্ম্যৰ বাবে প্ৰতি বছৰে তীৰ্থযাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই যাত্ৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...