‘বিকন’ৰ উদ্যোগত ৰাজ্যজুৰি কেৰিয়াৰ কাউন্সেলিঙ কার্যসূচী

গুৱাহাটী, ১৯ ডিচেম্বৰ : অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে ইয়াৰ অন্তৰ্গত ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত জাতীয় বিদ্যালয়সমূহত দশম শ্রেণীত অধ্যয়নৰত শিক্ষার্থীসকলক তেওঁলোকৰ ভবিষ্যত জীৱন গঢ়াৰ বিভিন্ন পথসমূহ দেখুৱাবলৈ এক বিশেষ আঁচনি প্রস্তুত কৰি ইতিমধ্যে ৰূপায়িত কৰিছে। উল্লেখযোগ্য যে, অসম জাতীয় বিদ্যালয়ত চলিত শিক্ষাবর্ষৰ পৰা ‘বিকন’ (BEACON) নামেৰে এক কোচ্চিং আৰু কাউন্সেলিং (Coaching and Counselling) কেন্দ্ৰ আৰম্ভ কৰা হৈছে। নীট (NEET), জেইই (JEE) আদিকে ধৰি বিভিন্ন প্রতিযোগিতামূলক প্রবেশ পৰীক্ষাৰ লগতে শিক্ষার্থীসকলৰ বাবে একাদশ-দ্বাদশ শ্রেণীৰ পাঠ্যক্রমো সমানে আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে ‘বিকন’ৰ কাৰ্য্যসূচী প্রস্তুত কৰা হৈছে।

‘বিকন’ৰ প্ৰসাৰিত (outreach) কার্য্যসূচী হিচাপে ৰাজ্যখনৰ সকলো প্রান্তৰ ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ নিৰ্বাচনৰ পৰামৰ্শ দিবলৈ ‘বিকন মেণ্টৰিং প্রগ্রেম’ (Beacon Mentoring Programme) আৰম্ভ কৰা হৈছে। ‘বিকন মেণ্টৰিং প্রগ্রেম’ শীৰ্ষক আঁচনিৰ অধীনত যোৱা দুমাহৰ ভিতৰত বৰ্তমানলৈ ৰাজ্যখনৰ ১১ খন জিলাত সুকীয়া সুকীয়াকৈ কর্মশালা অনুষ্ঠিত কৰি এই কাৰ্য্যসূচী ৰূপায়িত কৰা হয়।

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডা নাৰায়ণ শৰ্মাৰ নেতৃত্বত হোৱা এই অভিযান আঁচনিত সংশ্লিষ্ট জিলাসমূহৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিসমূহে পূর্ণ সহযোগিতা আগবঢ়ায়। এই আঁচনিৰ অধীনত অনুষ্ঠিত প্রতিটো কর্মশালাতেই দশম শ্রেণীৰ শিক্ষার্থীসকলক তেওঁলোকৰ ভবিষ্যৎ জীৱন গঢ়াৰ পথ প্রশস্ত কৰিবলৈ কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায় গুৱাহাটী আই আই টিৰ প্রাক্তন ছাত্র, আন্তর্জাতিকভাৱে স্বীকৃত কেৰিয়াৰ পৰামৰ্শদাতা দীনেশ কুমাৰ লাহতীয়ে। অসমৰ সকলো প্রান্ততে যথেষ্ট মেধাসম্পন্ন শিক্ষার্থী আছে যদিও শিক্ষার্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত পৰৱৰ্তী পৰ্য্যায়ৰ শিক্ষাৰ বাবে বিষয় নির্বাচন কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। তদুপৰি মাত্র কেইটামান বিশেষ বৃত্তিকেই লক্ষ্য হিচাপে লৈ শিক্ষার্থীসকলে উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষা গ্রহণৰ বাবে বিষয় নির্বাচন কৰে যদিও পৰৱৰ্তী সময়ত ভালেসংখ্যক শিক্ষার্থী সফল নহৈ হতাশ হোৱা দেখা যায়। এনেবোৰ কথাৰ প্রতি লক্ষ্য ৰাখিয়ে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে ৰাজ্যখনৰ বিভিন্ন প্রান্তত অৱস্থিত জাতীয় বিদ্যালয়ৰ দশম শ্রেণীৰ শিক্ষার্থীসকলক তেওঁলোকে নিজৰ বিভাগ আৰু বিষয় নির্বাচন কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উক্ত আঁচনি প্রস্তুত কৰে।

যোৱা ১৫ অক্টোবৰ তাৰিখে লখিমপুৰত, ৭ নৱেম্বৰ তাৰিখে ৰাতিপুৱা গোলাঘাটত আৰু একে তাৰিখতে পাছবেলা যোৰহাটত, ৮ নৱেম্বৰ তাৰিখে শিৱসাগৰত, ১৫ নৱেম্বৰ তাৰিখে দৰঙত, ২১ নৱেম্বৰ তাৰিখে বঙাইগাঁৱত, ২৬ নৱেম্বৰ তাৰিখে আগবেলা ডিব্রুগড়ত আৰু একে তাৰিখতে পাছবেলা তিনিচুকীয়াত, ৩ ডিচেম্বৰ তাৰিখে ওদালগুৰিত, ১০ ডিচেম্বৰ তাৰিখে নলবাৰীত আৰু ১২ ডিচেম্বৰ তাৰিখে শোণিতপুৰত অনুষ্ঠিত কৰা কেৰিয়াৰ সম্পৰ্কীয় কর্মশালাসমূহত সর্বমুঠ প্রায় ২৫০ খন স্কুলৰ দশম শ্রেণীত অধ্যয়নৰত প্রায় ৫,০০০ শিক্ষার্থীয়ে অংশগ্রহণ কৰে। এই কর্মশালাসমূহত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডা নাৰায়ণ শৰ্মাৰ লগতে অংশগ্রহণকাৰী বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্রীসকলো উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...