অধিনায়ক হিচাপে নিজৰ প্ৰথম ছিৰিজতেই সকলোৰ দৃষ্টি আকৰ্ষণ কৰিছে শুভমন গিলে। ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ ছিৰিজত তেওঁ মুঠ ৭৫৪ ৰান সংগ্ৰহ কৰিছে গিলে। তেওঁৰ নেতৃত্বত ভাৰতে এই ছিৰিজ ২-২ত সমতা স্থাপন কৰিছে। এই ছিৰিজত ভাৰতৰ অধিনায়কজনে মুঠ ১৩টা নজিৰ স্থাপন কৰিছে।
শুভমনৰ ১৩টা অভিলেখ:
১) ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্টৰ ইতিহাসত এখন ছিৰিজত সৰ্বাধিক ৰানৰ নজিৰ গঢ়িছে শুভমনে। ইয়াৰ আগতে ১৯৯০ চনত ইংলেণ্ডৰ গ্ৰাহাম গুচে ৭৫২ ৰান কৰিছিল। শুভমনে তেওঁক অতিক্ৰম কৰিছে।
২) ভাৰতৰ অধিনায়ক হিচাপে এখন টেষ্ট ছিৰিজত সৰ্বাধিক ৰানৰ ৰেকৰ্ড গঢ়িছে শুভমনে। ইয়াৰ আগতে ১৯৭৮-৭৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অধিনায়ক হিচাপে সুনীল গাভাস্কাৰে ৭৩২ ৰান কৰিছিল। বিশ্বৰ অধিনায়কসকলৰ ভিতৰত শুভমন দ্বিতীয় স্থানত। প্ৰথম স্থানত আছে ডন ব্ৰেডমেন, যিয়ে অধিনায়ক হিচাপে এখন ছিৰিজত ৮১০ ৰান কৰিছিল।
৩) এছিয়াৰ প্ৰথম বেটছমেন হিচাপে ছেনা (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশত এখন টেষ্ট ছিৰিজত ৭০০ বা ততোধিক ৰান কৰিছে শুভমনে। ইয়াৰ আগতে ২০১৪-১৫ চনত অষ্ট্ৰেলিয়া ভ্ৰমণত বিৰাট কোহলিৰ ৬৯২ ৰান আছিল সৰ্বাধিক।
৪) ইংলেণ্ডৰ বিৰুদ্ধে এছিয়াৰ বেটছমেনসকলৰ ভিতৰত এখন টেষ্ট ছিৰিজত সৰ্বাধিক ৰান কৰিছে শুভমনে। ইয়াৰ আগতে যশস্বী জয়ছোৱালৰ ৭১২ ৰান আছিল সৰ্বাধিক।
৫) ইংলেণ্ডৰ মাটিত এছিয়ান বেটছমেনসকলৰ ভিতৰত এখন টেষ্ট ছিৰিজত সৰ্বাধিক ৰানৰ নজিৰ গঢ়িছে শুভমনে। ইয়াৰ আগতে মহম্মদ ইউছুফৰ ৬৩১ ৰান আছিল সৰ্বাধিক।
৬) ডন ব্ৰেডমেন আৰু সুনীল গাভাস্কৰৰ পিছত শুভমনে তৃতীয় অধিনায়ক হিচাপে এখন টেষ্ট ছিৰিজত চাৰিটা শতৰান কৰিছে।
৭) ছেনা (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশত প্ৰথম এছিয়া অধিনায়ক হিচাপে দ্বি-শতৰান (এজবাষ্টনত প্ৰথম ইনিংছত ২৬৯ ৰান) কৰিছে শুভমনে। ইয়াৰ আগতে শ্ৰীলংকাৰ অধিনায়ক তিলকৰত্নে দিলশানৰ ১৯৩ ৰান আছিল সৰ্বাধিক।
৮) এজবাষ্টনত প্ৰথম ইনিংছত ২৬৯ আৰু দ্বিতীয় ইনিংছত ১৬১ ৰান কৰিছে শুভমনে। অৰ্থাৎ, এখন টেষ্টতে তেওঁ ৪৩০ ৰান সংগ্ৰহ কৰিছে। বিদেশৰ মাটিত এখন টেষ্টত এই ৰান সৰ্বাধিক। ইয়াৰ আগতে পাকিস্তানৰ মাটিত অষ্ট্ৰেলিয়াৰ মাৰ্ক টেইলৰৰ ৪২৬ ৰান আছিল সৰ্বাধিক।
৯) ভাৰতৰ অধিনায়ক হিচাপে টেষ্টৰ এটা ইনিংছত শুভমনৰ ২৬৯ ৰান সৰ্বাধিক। ইয়াৰ আগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলিৰ ২৫৪ ৰান আছিল সৰ্বাধিক।
১০) কোহলিৰ পিছত বিশ্বৰ দ্বিতীয় অধিনায়ক হিচাপে নিজৰ প্ৰথম দুখন টেষ্টত তিনিটা শতৰান কৰিছে শুভমনে। হেডিংলেত প্ৰথম ইনিংছত ১৪৭ আৰু এজবাষ্টনত দুই ইনিংছত ২৬৯ আৰু ১৬১ ৰান কৰিছে তেওঁ। কোহলিয়ে অধিনায়ক হিচাপে এডিলেইডত ১১৫ আৰু ১৪১, আৰু ছিডনীত ১৪৭ ৰানৰ ইনিংছ খেলিছিল।
১১) সুনীল গাভাস্কাৰৰ পিছত দ্বিতীয় অধিনায়ক হিচাপে নিজৰ প্ৰথম টেষ্টত শতৰান আৰু দ্বিতীয় টেষ্টত দ্বি-শতৰানৰ ইনিংছ খেলিছে শুভমনে। গাভাস্কাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ১১৬ আৰু পৰৱৰ্তী টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০৫ ৰান কৰিছিল।
১২) এলান বৰ্ডাৰৰ পিছত দ্বিতীয় ক্ৰিকেটাৰ হিচাপে এখন টেষ্টৰ দুই ইনিংছতেই ১৫০ৰ অধিক ৰান কৰিছে শুভমনে। পাকিস্তানৰ বিৰুদ্ধে এখন টেষ্টৰ দুই ইনিংছত বৰ্ডাৰে যথাক্ৰমে ১৫০ আৰু ১৫৩ ৰান কৰিছিল।
১৩) ভাৰতৰ প্ৰথম অধিনায়ক হিচাপে ইংলেণ্ডৰ এজবাষ্টনত টেষ্ট জয়ৰ নজিৰ গঢ়িছে শুভমনে। ইয়াৰ আগতে ভাৰতৰ কোনো অধিনায়কে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল।
