আকৌ জে’লৰ পৰা ওলাই আহিল ৰাম ৰহিম!

ধৰ্ষণৰ গোচৰত শাস্তি পোৱা স্বঘোষিত গুৰু গুৰমিত ৰাম ৰহিমে পুনৰ পেৰ’লত মুক্তি পাইছে। তেওঁক ৪০ দিনৰ বাবে মুক্তি দিয়া হৈছে। ২০১৭ চনৰ পৰা হাৰিয়ানাৰ ৰোহতক জে’লত বন্দী হৈ আছে ৰাম ৰহিম। এই সময়ৰ ভিতৰত তেওঁ ইতিমধ্যে ১৪বাৰ পেৰ’লত মুক্তি লাভ কৰিছে।

মঙলবাৰৰ পুৱা জে’লৰ পৰা ওলাই আহে হাৰিয়ানাৰ এই স্বঘোষিত গুৰু। জে’লৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, মুক্তি পোৱাৰ পিছত তেওঁ ছিৰছাত থকা ডেৰা সচ্চা সৌদাৰ আশ্ৰমৰ উদ্দেশ্যে ৰাওনা হৈছে। ২০১৭ চনত দুজন শিষ্যক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হৈছিল ডেৰাৰ প্ৰধান। তেওঁক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে। তাৰ পিছৰে পৰা তেওঁ ৰোহতকৰ জে’লত বন্দী। কিন্তু এই সাত বছৰৰ ভিতৰত কমেও ১৪ বাৰ পেৰ’লত মুক্তি দিয়া হৈছে তেওঁক। এই বিষয়ে যথেষ্ট বিতৰ্ক আৰু সমালোচনাও হৈছে।

এপ্ৰিল মাহতো হাৰিয়ানা চৰকাৰে তেওঁক ২১ দিনৰ বাবে পেৰ’ল মঞ্জুৰ কৰিছিল। এই বছৰৰ জানুৱাৰীত ৩০ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হৈছিল ডেৰাৰ প্ৰধানক। ২০২২ চনত তিনিবাৰ জে’লৰ পৰা মুক্তি দিয়া হৈছিল ৰাম ৰহিমক। প্ৰথমবাৰৰ বাবে ২১ দিনৰ বাবে, যিটো পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগত আছিল। তিনি মাহৰ পিছত পুনৰ এমাহৰ বাবে মুক্তি দিয়া হৈছিল তেওঁক, যেতিয়া হাৰিয়ানাত পৌৰসভা নিৰ্বাচন চলি আছিল। হাৰিয়ানাৰ উপ-নিৰ্বাচনৰ আগতো তেওঁক ৪০ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হৈছিল। ভোটৰ আগত বাৰে বাৰে ৰাম ৰহিমক পেৰ’লত মুক্তি দিয়াৰ বিষয়ে বহু বিতৰ্ক হৈছে।

২০০২ চনত ৰাম ৰহিম ডেৰাৰ ৰাজ্যিক কমিটিৰ সদস্য ৰণজিত সিঙৰ হত্যাৰ গোচৰত নিম্ন আদালতত দোষী সাব্যস্ত হৈছিল যদিও বিগত বছৰৰ মে’ মাহত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক মুক্তি দিছে। কিন্তু আশ্ৰমৰ ভিতৰত দুজন শিষ্যক ধৰ্ষণৰ অভিযোগত ২০১৭ চনত নিম্ন আদালতৰ ৰায়ত ২০ বছৰৰ শাস্তি পাইছে ডেৰাৰ প্ৰধানে। তেওঁৰ বৰ্তমানৰ ঠিকনা হাৰিয়ানাৰ ৰোহতকৰ সুনিয়া জে’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত...

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...