চোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ মাৰাথন অভিযান

চোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ মাৰাথন অভিযান। অভিযানত একেনিশাই আৰক্ষীৰ জালত পৰিল ১৭টা গভাইত চোৰ। লগতে আৰক্ষীয়ে জব্দ কৰিলে বহু সামগ্ৰী। কিন্তু এই ১৭টা চোৰেই নহয়। শিলচৰত এতিয়া টিঘিলঘিলাই ফুৰিছে চোৰৰ এটা বৃহত গেঙে। আৰক্ষী অধীক্ষকৰ সকীয়নি, অভিযান আকৌ চলিব।

তেওঁলোক যেন যাদুকৰ!

আপুনি ধৰক ৰাস্তাৰে মোবাইলত কথা পাতি গৈ আছে। এওঁলোকৰ কোনোবা এজন কাষেৰে গল মানে আপোনাৰ মোবাইলটো নাই। আপুনি ধৰক কোনোবা নিশা ঘৰৰ বাহিৰত থাকিল। পুৱা দেখিব আপোনাৰ লেপটপটো নাই। আপুনি ধৰক বাথৰুমত আছে। হঠাত দেখিব টেপেৰে পানী অহা নাই। সেয়া এওঁলোকৰ যাদু। আৰু এয়া তাৰ ফলাফল। শিলচৰ সদৰ থানাত এতিয়া এনেকৈয়ে দেখা গৈছে বিভিন্ন সামগ্ৰী। কি নাই ইয়াত। গাড়ীৰ বেটাৰী, পানীৰ মটৰ, কাঁহৰ বাচন-বৰ্তন, মোবাইল, লেপটক। সকলো আছে ইয়াত। যোৱা দিনকেইটাত
শিলচৰবাসীৰ নিদ্ৰা হৰিছে চোৰে
ধাৰাবাহিকভাবে চোৰে চলাইছে অভিযান। মূৰৰ কামোৰণি হৈ পৰিছিল আৰক্ষীৰো। সেয়ে কাছাৰ আৰক্ষীয়ে শিলচৰ চহৰৰ ভিন্ন প্ৰান্তত চলালে অভিযান। এটা দুটা নহয়।
আৰক্ষীৰ অভিযানত জালত পৰিল ১৭টা গভাইত চোৰ
অভিযানত আৰক্ষীয়ে জব্দ কৰিলে বহু সামগ্ৰী গাড়ীৰ বেটাৰী ৪টা, পানীৰ মটৰ ৩টা, কাঁহৰ বাচন-বৰ্তন, ১২টা মোবাইল, এটা লেপটপ জব্দ কৰিলে আৰক্ষীয়ে।

মাৰাথন অভিযান চলালে আৰক্ষীয়ে। অভিযান কিন্তু থমকি নৰয়। পুনৰ চলিব। এই ১৭জনেই নহয়। শিলচৰত এতিয়া চোৰৰ এটা বৃহত গেং। আনসকলক বিচাৰিও অভিযান চলিব আৰক্ষীৰ। ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্য। ইমানদিনে সাধাৰণ জনতাৰ টোপনি হৰিছিল চোৰে। এইবাৰ চোৰৰ টোপনি হৰাৰ পাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...