আজি কেবিনেটত কি কি সিদ্ধান্ত হ’ল?

0 6

গুৱাহাটী, ৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ মুখপাত্ৰসকলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি কেবিনেটৰ সিদ্ধান্ত সমূহ:

১) ৰাজ্যৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ বাবে পূর্বৰ অসম ৰত্ন বঁটাৰ লগতে অসম চৰকাৰে আৰু তিনিটা নতুন বঁটা প্ৰৱর্তনৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।

ক) অসম ৰত্ন বঁটা : এতিয়াৰে পৰা অসম ৰত্ন বঁটা পূর্বৰ প্রতি তিনি বছৰৰ পৰিৱর্তে বছৰি প্ৰদান কৰা হ’ব। প্রতিবছৰে এগৰাকীকৈ বিশিষ্ট ব্যক্তিক প্রদান কৰিবলগীয়া এই বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব ৫ লাখ টকা।

খ) অসম বিভূষণ বঁটা : এই বঁটা প্রতিবছৰে তিনিগৰাকীকৈ ব্যক্তিক প্রদান কৰা হ’ব। বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব ৩ লাখ টকা।

গ) অসম ভূষণ বঁটা : এই বঁটা প্রতি বছৰে পাঁচগৰাকী ব্যক্তিক প্রদান কৰা হ’ব। বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব ২ লাখ টকা।

ঘ) অসমশ্রী বঁটা : প্রতি বছৰে দহগৰাকীকৈ ব্যক্তিক প্রদান কৰিবলগীয়া এই বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব ১ লাখ টকা। উক্ত বঁটাসমূহ প্রতিবছৰৰ অসম দিৱসৰ দিনা প্রদান কৰা হ’ব। এই বঁটাসমূহৰ প্ৰাপকসকলে চৰকাৰৰ পৰা আন কেতবােৰ সা-সুবিধাও লাভ কৰিব। তেওঁলােকৰ জটিল ৰােগৰ চিকিৎসা সাহায্য প্রদান ব্যৱস্থা কৰা হ’ব। অসম ভৱনৰ লগতে চৰকাৰী অতিথিশালাত বিনামূলীয়াকৈ থকাৰ সুবিধা প্রদান কৰা হ’ব। সেইদৰে আগতীয়া জাননী সাপেক্ষে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধাও আগবঢ়োৱা হ’ব।

২) প্রতি বছৰে স্বাধীনতা দিৱসৰ দিনা অসম চৰকাৰে প্ৰদান কৰা সাহিত্য, ক্রীড়া আৰু শিল্পী পেঞ্চন প্রদানৰ সময় আজি কেবিনেটে পূর্বতকৈ সলনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি — ক) প্রতি বছৰে ৭ ডিচেম্বৰত কথাশিল্পী হােমেন বৰগােহাঞিৰ জন্ম দিৱসৰ দিনা সাহিত্যিক পেঞ্চন প্রদান কৰা হ’ব। খ) অর্জুন ভােগেশ্বৰ বৰুৱাৰ জন্ম দিৱস ৩ ছেপ্তেম্বৰৰ দিনা বছৰটোৰ ক্রীড়া পেঞ্চনসমূহ প্রদান কৰা হ’ব। গ) প্রতি বছৰে ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱসৰ দিনা বছৰটোৰ শিল্পী পেঞ্চনসমূহ প্ৰদান কৰা হ’ব। এই বঁটাসমূহ প্রদানৰ ৭ দিন পূর্বে ঘােষণা কৰা হ’ব।

৩) বটদ্ৰৱা থানৰ প্ৰস্তাৱিত সাংস্কৃতিক প্রকল্পৰ বাবে প্রয়ােজনীয় অতিৰিক্ত ৩৫ বিঘা ২ কঠা ২ লেচা ভূমি সংযােজনক আজি কেবিনেটে অনুমােদন জনায়। সাংস্কৃতিক মন্ত্রী বিমল বৰাই প্রতিমাহে এই প্ৰকল্পৰ পর্যালােচনা কৰিব আৰু প্ৰকল্পৰ কাম নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ কৰি তােলাটো নিশ্চিত কৰিব।

৪) দুর্যোগ ব্যৱস্থাপনাৰ দিশত এক বৃহৎ প্রশাসনিক সংস্কাৰ হিচাপে বছৰটোৰ ১ এপ্রিলৰ পৰা ৩১ অক্টোবৰৰ সময়ছােৱাৰ ভিতৰত সংঘটিত প্রাকৃতিক দুর্যোগসমূহ বিশেষকৈ বানপানীৰ আনুসংগিক ক্ষয়-ক্ষতিৰ তাৎক্ষণিক সাহায্য বা ক্ষতিপূৰণ প্ৰদানৰ কর্তৃত্ব উপায়ুক্তক প্রদানৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে। বানপানীত ক্ষতিগ্রস্ত আন্তঃগাঁথনিৰ মেৰামতি বা তেনেধৰণৰ জৰুৰী সাহায্যৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট জিলাৰ তত্ত্বাবধায়ক মন্ত্ৰীৰ সৈতে আলােচনা কৰি তৎকালীনভারে এনে সাহায্য প্রদানৰ ব্যৱস্থা কৰিব।

৫) নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত কৰাৰ বাবে আজিৰ কেবিনেটে পৰামৰ্শ আগবঢ়ায়।

৬) এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিটো চৰকাৰীকার্যালয়তে ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু ভাৰতৰত্ন গােপীনাথ বৰদলৈৰ প্রতিচ্ছবি বাধ্যতামূলক হিচাপে ৰখাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।

৭) দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি অঞ্চলত থকা ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমিত কৃষি বিভাগৰ জৰিয়তে চৰকাৰীভাৱে খেতি কৰাৰ বিতং পৰিকল্পনা প্রস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এখন সমিতি গঠন কৰি দিয়ে। এই সমিতিৰ অন্যান্য সদস্যসকল হৈছে সাংসদ দিলীপ শইকীয়া, বিধায়ক মৃণাল শইকীয়া আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী। কৃষি বিভাগৰ সঞ্চালক বিনােদ শেষানক সদস্য-সচিব হিচাপে লৈ গঠন কৰা এই সমিতিয়ে নিজৰ প্রতিবেদন কেবিনেটত দাখিল কৰিব।

৮) অতিৰিক্ত বােজা কঢ়িওৱা কয়লা পৰিবাহী ট্ৰাক চলাচল নিয়ন্ত্ৰণৰ বাবে আজি কেবিনেটে বৰাক উপত্যকাৰ দীঘৰখাল আৰু অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত চৰকাৰী জোখ-মাখ বিভাগৰ জৰিয়তে প্রতিখন কয়লা পৰিবাহী ট্রাকৰ ওজন লােৱাৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। এই ব্যৱস্থা পৰীক্ষামূলকভাৱে অহা ৩১ মার্চলৈকে চলিব। এতিয়াৰে পৰা ছাগলীয়া গে’টেৰে কোনােধৰণৰ কয়লা পৰিবাহী ট্রাক আহ-যাহ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।

Leave A Reply

Your email address will not be published.