আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন

আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণেৰে সংসদৰ উভয় সদনতে আৰম্ভ হ’ব অধিৱেশনৰ কাম-কাজ। বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১-২২ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব। অহা পহিলা ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট।

পহিলা ফেব্ৰুৱাৰীত পুৱা ১১ বজাত বিত্তমন্ত্ৰী সীতাৰমনে সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰিব আৰু এইবাৰ এয়া হ’ব সম্পূৰ্ণ ডিজিটেল বাজেট। সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আজিৰপৰা অহা ১১ ফেব্ৰুৱাৰীলৈ চলিব। ইয়াৰ পিছতে নতুন বাজেট সম্পৰ্কত বিভিন্ন বিভাগত আবন্টিত পুঁজি আৰু আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব। অহা ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজ আৰম্ভ হ’ব আৰু অধিৱেশনৰ অন্ত পৰিব অহা ৮ এপ্ৰিলত। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ ১০খন আৰু দ্বিতীয় পৰ্যায়ত ১৯খন বিশেষ বৈঠক অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...