অতিৰিক্ত সুৰাপান নে আন কিবা, কেনেকৈ বহুমহলীয়া ভৱনৰ পৰা সৰি পৰিল BSF জোৱান?

শিলচৰৰ মাছিমপুৰস্থিত BSF কেম্পত অঘটন ৷ কেম্পৰ বহুমহলীয়া ভৱনৰ পৰা পৰি মৃত্যু BSF জোৱানৰ ৷ ৰহস্যজনকভাবে ৪৩ বছৰীয়াহুকাম সিং গিলালা নামৰ জোৱানমৰ মৃত্যু ঘটে। মধ্যপ্ৰদেশৰ বাসিন্দা হুকাম সিং গিলালাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। বিএছএফ কেম্পৰ বহুমহলীয়া ভৱনৰ পৰা হঠাৎ তললৈ পৰি আহে কনিষ্টবলজন ৷ সহকৰ্মীসকলে আহত গিলালক উদ্ধাৰ কৰি কেম্পৰ হাস্পতাললৈ লৈ যায় ৷ কিন্তু অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে জোৱানজনৰ ৷ অতিৰিক্ত সুৰাপানৰ ফলত এই দুৰ্ঘটনা ঘটিছে বুলি প্ৰাথমিকভাবে সন্দেহ কৰিছে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...