ক’ভিড প্ৰ’ট’কল উলংঘা : আৰ্জেণ্টিনা-ব্ৰাজিলৰ ফুটবল মেচ বাতিল

দেওবাৰে অনুষ্ঠিত হোৱা আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ মাজৰ বিশ্বকাপৰ কোৱালিফায়াৰ মেচখন আশ্বৰ্যজনক ভাবে বাতিল কৰা হয়। মেচ বাতিল হোৱাৰ পিছতে সমগ্ৰ ফুটবল অনুৰাগী সকলৰ মাজত চলিছে তুমুল চৰ্চা। কিন্তু, কিয় বাতিল হ’ল নেইমাৰ বনাম মেছিৰ এই গুৰুত্বপূৰ্ণ খেলখন?

আৰ্জেণ্টিনা বনাম ব্ৰাজিল বিশ্বকাপৰ কোৱালিফায়াৰ মেচ হ’ল বাতিল

ক’ভিড প্ৰট’ক’ল ভংগৰ অভিযোগত বাতিল হ’ল খেলখন

ঘটনাটোকলৈ ক্ৰীড়া মহলত চলিছে তুমুল চৰ্চা

দেওবাৰে আৰ্জেণ্টিনাৰ আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ মেছখন ৰহস্যজনকভাৱে বাতিল কৰিব লগা হয়। দক্ষিণ আমেৰিকাৰ ফুটবলৰ দুই শক্তিশালী দলৰ সৈতে থকা মেচ খন আৰম্ভণিতে বাতিল কৰে ব্ৰাজিলৰ স্বাস্থ্য বিষয়াসকলে। উল্লেখযোগ্য যে, খেলখন আৰম্ভ হ’ব লওঁতেই ব্ৰাজিলৰ স্বাস্থ্য বিষয়াসকলে খেলপথাৰলৈ দৌৰি যায়, যাৰ ফলত দলৰ বিষয়া আৰু দুয়োপক্ষৰ খেলুৱৈসকল মাজত বাক-বিতণ্ডাৰ সূত্ৰপাত হয়। ব্ৰাজিলৰ স্বাস্থ্য বিষয়াই আৰ্জেণ্টিনাৰ দলত থকা চাৰিজন খেলুৱৈক ক’ভিড-১৯ প্ৰট’ক’ল ভংগ কৰাৰ অভিযোগ তোলে যাৰ ফলত খেলখন বাতিল কৰিব লগা হয়।

ব্ৰাজিলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নিৰীক্ষণ সংস্থাৰ মতে, প্ৰিমিয়াৰ লীগত খেলা গিওভানি লো চেলচো, এমিলিয়ানো মাৰ্টিনেজ, এমিলিয়ানো বুয়েণ্ডিয়া আৰু ক্ৰিষ্টিয়ান ৰোমেৰোয়ে ব্ৰাজিলত প্ৰৱেশ কৰাৰ পিছত ক’ভিড টেষ্ট ৰিপৰ্টত “মিছা তথ্য” প্ৰদান কৰিছিল। চাৰিজন খেলুৱৈৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁলোকে ব্ৰাজিলত উপস্থিত পূৰ্বে কোৱাৰেন্টিনত থকাৰ সলনি ব্ৰিটেইনত সময় অতিবাহিত কৰিছিল। যিহেতু ২৩ জুনত ব্ৰাজিল চৰকাৰে দিয়া এক নিৰ্দেশনা মতে কৰোনা ভাইৰাছৰৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ যুক্তৰাজ্য, ভাৰত বা দক্ষিণ আফ্ৰিকাৰ যিকোনো বিদেশী ব্যক্তিৰ ব্ৰাজিলত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। অৱশ্যে আৰ্জেণ্টিনাৰ খেলুৱৈ সকলে ইয়াকেলৈ প্ৰতিবাদ কৰে যদিও খেলখন শেষত বাতিল কৰা হয়। উল্লেখ্য যে, PSGত মেছিৰ যোগদানৰ পিছত নেইমাৰৰ বিপক্ষে খেলাৰ সুযোগ এইখন মেচতে আছিল যদিও সেই আশা পূৰণ নহ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...