২০২৬ৰ বিশ্বকাপ ফুটবলত নাথাকিব পাৰে ব্রাজিল

২০২৬ৰ বিশ্বকাপ ফুটবলত নাথাকিব পাৰে ব্রাজিল

ফিফাই পইণ্ট কৰ্তন কৰিলে ব্রাজিলে হেৰুৱাব যোগ্যতা

বিশ্বকাপত ৫ বাৰৰ চেম্পিয়ন ব্রাজিল দল

আৰ্জেণ্টিনাৰ বিৰুদ্ধে যোগ্যতা নিৰ্ণয়কাৰী খেলত অশান্তিৰ পাছতে কঠোৰ ফিফা

ব্ৰাজিলৰ বিৰুদ্ধে ফিফাই আৰম্ভ কৰিছে অনুশাসনমূলক ব্যৱস্থা

ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ দ্য জেনেৰিঅ’ৰ প্ৰখ্যাত মাৰাকানা ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ বিৰুদ্ধে যোৱা মঙলবাৰে খেলিছিল ব্রাজিলে। খেলখনৰ আৰম্ভণিৰ পৰাই সূচনা হয় ব্যাপক সংঘৰ্ষৰ। ব্রাজিলৰ সমৰ্থকৰ সৈতে আৰ্জেণ্টিনাৰ সমৰ্থকৰ মাৰপিটক লৈ ষ্টেডিয়ামৰ ভিতৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ব্ৰাজিলৰ সমৰ্থকৰ লগতে দেশখনৰ আৰক্ষীয়েও নিৰ্মমভাৱে প্রহাৰ কৰিছিল আৰ্জেণ্টিনাৰ সমৰ্থকক। এই ঘটনাত ক্ষুব্ধ হৈ খেলখন খেলিবলৈ অস্বীকাৰ কৰি ড্রেছিং ৰূমলৈ ঘূৰি গৈছিল আৰ্জেণ্টিনা।

আৰ্জেণ্টিনাৰ সমৰ্থকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ ক্ষোভ প্রকাশ কৰিছিল মেছিয়েও

বিশ্বজুৰি নিন্দাৰ পাত্র হৈছিল ব্ৰাজিলৰ সমৰ্থক তথা আৰক্ষী

প্ৰায় আধাঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত আৰ্জেণ্টিনাই ঘৰুৱা দল ব্রাজিলক ১-০ গ’লত পৰাস্ত কৰে। খেলখনত সৃষ্টি হোৱা অশান্তিজনক পৰিস্থিতিৰ বাবে ফিফাই অনুশাসনমূলক ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে।

‘ফুটবলৰ খেলপথাৰৰ ভিতৰে-বাহিৰে হিংসাৰ কোনো স্থান নাই’

ঘটনাৰ উচিত তদন্ত হ’ব: ফিফাৰ সভাপতি জিঅ’নি ইনফেণ্টিনো

ব্রাজিলৰ বিৰুদ্ধে ফিফাই শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিলে ব্ৰাজিলে বিশ্বকাপৰ মূল পৰ্বত খেলাৰ যোগ্যতা হেৰুৱাৰ আশংকা আছে।

ফিফাই ল’‍ব পাৰা ব্যৱস্থাৰ ভিতৰত আছে  পইণ্ট কৰ্তন, ষ্টেডিয়ামত পৰৱৰ্তী খেলবোৰ দৰ্শকশূন্য বা আংশিক দৰ্শকক লৈ খেলা, নিৰপেক্ষ স্থানত খেলিবলগীয়া হোৱা আদি।

ফিফাৰ অনুশাসন নীতিৰ ১৭নং ধাৰা ভংগৰ অভিযোগত অভিযুক্ত ব্রাজিল

ব্রাজিলৰ লগতে ফিফাৰ অনুশাসন ভংগৰ বাবে দোষী সাব্যস্ত হ’ব আৰ্জেণ্টিনাও

পইণ্ট কৰ্তন হ’লে বিশ্বকাপৰ মূল পৰ্বত দেখা নাযাব ব্রাজিলক!

দক্ষিণ আমেৰিকা গ্রুপৰ তালিকাত ৭ পইণ্টেৰে ব্ৰাজিল ৬নং স্থানত

বিগত একেৰাহে ৩খন খেলত পৰাস্ত হৈছে ব্রাজিল

আৰ্জেণ্টিনাই ৬খন খেলত ১৫ পইণ্টেৰে বৰ্তমান আছে শীৰ্ষ স্থানত

এই গ্রুপৰ পৰা শীৰ্ষ ৬টা দল নিৰ্বাচিত হ’‍ব ২০২৬ৰ বিশ্বকাপৰ বাবে

এই পৰিপ্রেক্ষিতত ৫বাৰৰ বিশ্বকাপ বিজয়ী ব্ৰাজিলৰ ভৱিষ্যৎ এতিয়া নিৰ্ভৰ কৰিছে ফিফাৰ অনুশাসন কমিটীৰ সিদ্ধান্তৰ ওপৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...