আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ দুটা দিনৰ বিৰতিৰ পাছত কাইলৈৰ পৰা পুনৰ খেল আৰম্ভ হ’ব৷

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত কাইলৈৰ পৰা ল’ৰা আৰু ছোৱালীৰ জুনিয়ৰ তথা ছাৱ-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ পূৱা ন বজাৰ পৰাই তিনিটা ৰিঙত খেল অনুষ্ঠিত হ’ব৷

বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি এলিট আৰু যুৱ শাখাৰ দৰে জুনিয়ৰ তথা ছাৱ-জুনিয়ৰ শাখাতো অভিলেখসংখ্যক দেশৰ সকলো প্ৰান্তৰ হাজাৰোধিক ল’ৰা-ছোৱালীয়ে নাম পঞ্জিয়ন কৰিছে৷ অসমৰো প্ৰায় এশ নতুন বক্সাৰে বিভিন্ন ওজন শাখাত অংশ ল’ব৷

উল্লেখ্য যে ইয়াৰপূৰ্বে প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ খেল সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...