আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা তথা গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত আয়োজক অসমৰ খেলুৱৈয়ে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷

প্ৰতিযোগিতাৰ প্ৰথমদিনটোত যুৱ মহিলাৰ শাখাত অসমৰ নগৰাকী বক্সাৰে জয়ৰে আৰম্ভনি কৰাৰ বিপৰীতে যুৱ পুৰুষ শাখাত দুগৰাকী অসম বক্সাৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ আনহাতে, এলিট পুৰুষ শাখাত অসমৰ চাৰি গৰাকী বক্সাৰে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

যুৱ মহিলাৰ ৪৫ কিলোগ্ৰাম শাখাত অসমৰ প্ৰান্তিকা গগৈ, ইলাজ্যোতি পেগু, জিনা হুছেইন; ৪৮ কিলোগ্ৰাম শাখাত নেন্সি বৰা, ৰিম্পী পেগু, ভাৰতী কুমাৰী; ৫১ কিলোগ্ৰাম শাখাত আইশ্ৰী হাজৰিকা আৰু আকাংক্ষা ভড়দ্বাজ তথা ৫৪ কিলোগ্ৰাম শাখাত পৰিস্মিতা দাসে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰিছে৷

ইফালে, ৰাজীৱ আলী আৰু জুনাইদ আননে ক্ৰমে যুৱ পুৰুষৰ ৪৭ কিলোগ্ৰাম আৰু ৬০ কিলোগ্ৰাম শাখাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে অসমৰ দহজন যুৱ বক্সাৰে প্ৰথম ৰাউণ্ডৰ মেচত পৰাস্ত হৈ অভিযান সামৰে৷

আনহাতে, এলিট পুৰুষ শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে ৪৬ কিলোগ্ৰাম শাখাত গৌৰৱ মজুমদাৰ, ৫৭ কিলোগ্ৰাম শাখাত অনুৰাগ বনিয়া আৰু সুমৰাজ শইকীয়া তথা ৬৩ কিলোগ্ৰাম শাখাত ভাইটি পেগু৷

উল্লেখ্য যে অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট পুৰুষ-মহিলাৰ সকলো ওজন শাখাৰে খেল অনুষ্ঠিত হ’ব৷ যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...