বলিউডত উজলিছে বঙাইগাঁৱৰ যুৱক নিলীপ দেৱ

পৰিচালক নিলীপ দেৱৰ শেহতীয়া ফিল্ম ‘দ্য মিছিং গাৰ্ল’ৰ শ্বুটিং হ’ল বঙাইগাঁৱত

বঙাইগাঁৱৰ এগৰাকী যুৱক, নাম নিলীপ দেৱ। তেওঁ বৰ্তমান প্ৰতিষ্ঠিত হৈছে মুম্বাইৰ বলিউড জগতত। কলকাতাস্থিত সত্যজিৎ ৰায় ফিল্ম ইনষ্টিটিউটৰ পৰা ২০০৫ চনত চিনেমাটোগ্ৰাফীত পিজি ডিগ্ৰী লাভ কৰি তেওঁ যাত্ৰা কৰে মুম্বাইত। আৰু তাতে তেওঁ থ্ৰী ইডিয়টচ, জনী গাড্ডাৰ, লগে ৰহো মুন্না ভাই, ৰাগিনী MMSত সহকাৰী Cinematographer হিচাপে কাম কৰে৷ ২০১১ চনলৈকে তেওঁ সহকাৰী Cinematographer হিচাপে কাম কৰি গৈছিল যদিও ইয়াৰ পিছত তেওঁ নিজেই আৰম্ভ কৰে টেলিভিচন প্ৰম’ আৰু এডভাৰটাইজমেন্টৰ কাম। এই সময়ছোৱাত তেওঁ আঠখন ডকুমেণ্টেৰী ফিল্মত Cinematographyৰ কাম কৰিছে৷

এনএইচকে জাপান, আলজাজিৰাকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ একাধিক চেনেলত সম্প্ৰচাৰ হৈছিল এই ডকুমেণ্টেৰীবোৰ৷ বলিউড জগতৰ প্ৰখ্যাত তাৰকা অমিতাভ বচ্চনৰ লগতো ’ইয়ুথ’ নামৰ ৱেব ছিৰিজত তেওঁ Cinematographyৰ কাম কৰিছে৷ ‘ইউনিয়ন লিডাৰ’ নামৰ হিন্দী ছবি খনতো তেওঁ Cinematographyৰ কাম কৰিছে৷ Cinematographyৰ লগতে পৰিচালক হিচাপেও কেইবাখনো চুটি ছবি নিৰ্মাণ কৰিছে ৷ তেওঁৰ দ্বাৰা পৰিচালিত ’প্ৰাইজন’ নামৰ চুটি ছবি খনে ভূটানত অনুষ্ঠিত হোৱা ড্ৰুক ইন্টাৰ নেশ্বনেল ফিল্ম ফেষ্টিভেল মনোনীত হয়। ছবি খনে পুনে ইন্টাৰনেশ্বনেল কয়াৰ ফিল্ম ফেষ্টিভেলত বেষ্ট এক্টৰ, বেষ্ট ডিৰেক্টৰ আৰু বেষ্ট চাইলেন ছবি হিচাপেও মনোনীত হয় ২০২০ চনত তেওঁৰ পৰিচালনাত নিৰ্মাণ কৰা ’চিয়েৰ্চ মাই লাভ’ত অভিনয় কৰিছে ৰিয়া সেন, স্বপ্নীল ৰালকাৰৰ দৰে বলিউডৰ প্ৰখ্যাত তাৰকা। শেহতীয়াকৈ তেওঁৰ পৰিচালনাত চলিয়া আছে ’দ্য মিছিং গাৰ্ল’ নামৰ এখন চুটি ছবি নিৰ্মাণৰ কাম। ভ্ৰুণ হত্যাৰ ওপৰত নিৰ্মাণ কৰা এই চুটি ছবি খনৰ শ্বুটিং কৰা হৈছে বঙাইগাঁৱৰ জ্ঞানোদয় জাতীয় বিদ্যালয় আৰু খগৰপুৰৰ নিকটবৰ্ত্তী ইক্ৰাবাৰী ৰবৰ বাগানত। প্ৰযোজক মধুশ্ৰী ৰায় চৌধুৰীৰ প্ৰযোজনাত নিৰ্মাণ কৰা ছবি খনৰ শ্বুটিঙৰ কাম সম্পন্ন হৈছে যদিও সম্পাদনাকে ধৰি আন কিছুক্ষেত্ৰৰ কাম চলি আছে। বঙাইগাঁৱৰ বাসিন্দা তথা অসম সন্তান নিলীপ দেৱৰ এই যাত্ৰাই সুনাম কঢ়িয়াই আনিছে অসম তথা বঙাইগাঁৱলৈ।

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...