বঙাইগাঁৱৰ জনতাই মানিব লাগিব এইসমূহ নিয়ম, ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কি কি বিধি?

হাইস্কুল শিক্ষান্ত পৰীক্ষা, অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী স্থানত অকৰ্তৃত্বশীল লোকে ভিৰ কৰা আৰু পৰীক্ষাৰ্থীসকল তথা পৰীক্ষাত কৰ্তব্যৰত লোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰাৰ আশংকা কৰি সমগ্ৰ জিলাখনতে ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি উক্ত পৰীক্ষাগৃহসমূহৰ ভিতৰলৈ মোবাইল ফোন বা আন ইলেকট্ৰনিক সামগ্ৰী বা সন্দেহজনক সামগ্ৰী পৰীক্ষাৰ্থীসকলে নিব নোৱাৰিব। পৰীক্ষাৰ্থী বা ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা বিধিগতভাৱে কৰ্তব্যত নিযুক্ত কৰা লোকৰ বাহিৰে আন কোনো অকৰ্তৃত্বশীল ব্যক্তিয়ে পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাগৃহৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৫জনতকৈ অধিক লোকে সমবেত হ’ব নোৱাৰিব। কোনোৱে পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী স্থানত মাইক বা অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাসমূহ সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ হ’ব আৰু পৰীক্ষা শেষ হোৱাৰ পিছলৈ বা ৬০ দিন পিছলৈ এই নিষেধাজ্ঞাসমূহ বাহাল থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...