বঙাইগাঁৱৰ জনতাই মানিব লাগিব এইসমূহ নিয়ম, ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কি কি বিধি?

হাইস্কুল শিক্ষান্ত পৰীক্ষা, অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী স্থানত অকৰ্তৃত্বশীল লোকে ভিৰ কৰা আৰু পৰীক্ষাৰ্থীসকল তথা পৰীক্ষাত কৰ্তব্যৰত লোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰাৰ আশংকা কৰি সমগ্ৰ জিলাখনতে ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি উক্ত পৰীক্ষাগৃহসমূহৰ ভিতৰলৈ মোবাইল ফোন বা আন ইলেকট্ৰনিক সামগ্ৰী বা সন্দেহজনক সামগ্ৰী পৰীক্ষাৰ্থীসকলে নিব নোৱাৰিব। পৰীক্ষাৰ্থী বা ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা বিধিগতভাৱে কৰ্তব্যত নিযুক্ত কৰা লোকৰ বাহিৰে আন কোনো অকৰ্তৃত্বশীল ব্যক্তিয়ে পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাগৃহৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৫জনতকৈ অধিক লোকে সমবেত হ’ব নোৱাৰিব। কোনোৱে পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী স্থানত মাইক বা অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাসমূহ সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ হ’ব আৰু পৰীক্ষা শেষ হোৱাৰ পিছলৈ বা ৬০ দিন পিছলৈ এই নিষেধাজ্ঞাসমূহ বাহাল থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...