কৃষক আন্দোলনক লৈ বিস্ফোৰক মন্তব্য কংগনাৰ

পুনৰ বিতর্কত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট। কুইন কংগনাই বিভিন্ন বিষয়ত কৰা মন্তব্যৰ বাবে প্ৰায়ে থাকে সংবাদ শিৰোনামত। তেওঁৰ মন্তব্যই কেইবাবাৰো চৰ্চাৰ সৃষ্টি কৰিছে। এইবাৰ কৃষক আন্দোলনক লৈ বিস্ফোৰক মন্তব্য অভিনেত্ৰী কংগনা ৰাণাৱটৰ। কংগনাৰ মতে কৃষক আন্দোলনৰ সময়ছোৱাত অপৰাধমূলক ঘটনা যেনে বলাৎকাৰ আৰু হত্যাকাণ্ড বেছিকৈ ঘটিছিল। সময়মতে চৰকাৰে প্ৰতিবাদ নিয়ন্ত্ৰণ নকৰা হ’লে যি ঘটনা বাংলাদেশত হৈছে তেনে ঘটনা পঞ্জাবত হ’ল হয়।

দৈনিক ভাস্কৰৰ এক বিশেষ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে কংগনাই। কংগনাৰ এই মন্তব্যৰ পিছতেই জাঙোৰ খাই উঠিছে কেইবাগৰাকীও ৰাজনৈতিক নেতা। অভিনেত্ৰী কংগনাৰ মন্তব্যৰ ঘোৰ বিৰোধিতা কৰে পঞ্জাৱৰ কংগ্ৰেছী নেতা ৰাজকুমাৰ বেৰকাই। তেওঁৰ মতে কংগনাই কৃষকসকলক বলাৎকাৰী বুলি অভিহীত কৰিছে। অভিনেত্ৰী কংগনা ৰাণাৱটৰ এই বিস্ফোৰক মন্তব্যৰ বাবে কংগনাৰ বিৰুদ্ধে NSA আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কংগ্ৰেছী নেতা ৰাজকুমাৰ বেৰকাৰ। কৃষকসকলক অপমান কৰাৰ অভিযোগ ৰাজকুমাৰ বেৰকাৰ।

কংগ্রেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তা অতুল লন্ধে পাটিলৰ মতে কৃষকসকলক বলাৎকাৰী আৰু হত্যাকাৰী নাম দিছে কংগনাই। আজিৰ দেশৰ কৃষকসকলক বলাৎকাৰী আৰু হত্যাকাৰী বুলি কোৱা হৈছে সেয়েহে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগনা ৰাণাৱটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী অতুল লন্ধে পাটিলৰ। কংগনাৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল’ব সেই কথা লক্ষ্য কৰিব অতুল লন্ধে পাটিলে। কংগনা ৰানাৱটৰ এই মন্তব্যক লৈ চৰ্চা হোৱাত বিষয়টো ঢকাৰ চেষ্টা বিজেপিৰ। বিজেপিৰ মতে কংগনাৰ মন্তব্য অভিযোগ কৰাৰ দৰে গভীৰ নাছিল।

কংগনা ৰাণাৱটে বিশেষ সাক্ষাৎকাৰত তেওঁৰ মুক্তি পাবলগীয়া ছবি ইমাৰজেঞ্ছীৰ কথাও কয়। ৬ চেপেম্বৰত মুক্তি পাব কংগনাৰ ছবি ‘ইমাৰজেঞ্ছী’। ভাৰতীয় জৰুৰীকালীন অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাহিনীৰ আধাৰত নিৰ্মিত ৰাজনৈতিক একচন থ্ৰিলাৰ ছবি ‘ইমাৰজেঞ্ছী’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...