টাইগাৰ শ্ৰফে নতুনকৈ ক্ৰয় কৰা ঘৰটোৰ মূল্য জানিলে আচৰিত হ’ব আপুনি!

দিনে-দিনে জনপ্ৰিয়তা বৃদ্ধি পাইছে অভিনেতা টাইগাৰ শ্ৰফৰ
ইখনৰ পিছত আনখন ছবিত অভিনয়েৰে বুটলিছে দৰ্শকৰ মৰম
প্ৰায় ২৪৮ কোটি সম্পত্তিৰ মালিক টাইগাৰ
অকলশৰে কটায় বিলাস-বহুল জীৱন

সাধাৰণতে চৰ্চালৈ নাহে জেকিপুত্ৰ। নিজা ধৰণে থাকি ভালপায় টাইগাৰ শ্ৰফে। মুম্বাইৰ এটা 8 BHK বিলাসী ফ্লেটত থাকে টাইগাৰ। শেহতীয়াকৈ আন এটা বিলাসী ঘৰ ক্ৰয় কৰিছে পুনেত।

টাইগাৰে নতুনকৈ ক্ৰয় কৰা ঘৰটোৰ মূল্য ৭.৫০ কোটি টকা

টাইগাৰৰ মুম্বাইস্থিত ফ্লেটত উপলব্ধ সকলোধৰণৰ বিলাসী সুবিধা। ৰুষ্টমজী পেৰামাউণ্টত অৱস্থিত ফ্লেটটোৰ মূল্য ৩৫ কোটি টকা। ইতিমধ্যে বলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে টাইগাৰ শ্ৰফে। Heropanti, Baaghi, War, Student Of The Year আদি ছবিসমূহত অভিনয়েৰে অগণন দৰ্শকৰ হৃদয় জিনিছে টাইগাৰ শ্ৰফে। মাৰ্জিত ব্যৱহাৰৰ বাবেও বহুতৰে প্ৰিয় জেকিপুত্ৰ টাইগাৰ।

বলীউডৰ আগন্তুক ছবি ‘বড়ে মিঞা ছোটে মিঞা’ত দেখা যাব টাইগাৰক

সম্প্ৰতি ছবিখনৰ শ্বুটিঙত ব্যস্ত অভিনেতাজন। ‘বড়ে মিঞা ছোটে মিঞা’ত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ সৈতে দেখা যাব টাইগাৰক।

ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব সোনাক্ষী সিনহা,মানুষী চিল্লাৰ আৰু পৃথ্বীৰাজ সুকুমাৰণক। আগন্তুক এপ্ৰিলৰ ১০ তাৰিখে মুক্তি পোৱাৰ সম্ভাৱনা ‘বড়ে মিঞা ছোটে মিঞা’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...