ক’লা হালধি ব্যৱহাৰ কৰি পাইছেনে, জানেনে ইয়াৰ বিশেষ গুণাগুণসমূহ?

দৈনিন্দিন জীৱনত আমি সকলোৱে হালধীয়া ৰঙৰ হালধি ব্যৱহাৰ কৰো। আমি সচৰাচৰ ব্যৱহাৰ কৰা হালধি আমি বিশেষ খোৱা খাদ্যত ব্যৱহাৰ কৰো। যিয়ে খাদ্যসমূহ সোৱাদযুক্ত কৰি তোলে। কিন্তু আপুনি জানেনে এই হালধীয়া ৰঙৰ হালধিৰ উপৰিও উপলব্ধ হয় ক’লা হালধি। যাৰ আছে বিশেষ গুণাগুণ। ক’লা হালধি মুখ্যতঃ ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত পোৱা যায়। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ছালৰ বাবে ই ঔষধতকৈ কম নহয়। পিছে কেতিয়াবা আপুনি ক’লা হালধি ব্যৱহাৰ কৰি পাইছেনে?

ক’লা হালধিৰ বিশেষ গুণাগুণ

  • আঘাত সোনকালেই আৰোগ্য হয়ঃ-আমি সাধাৰণতে কটা-ছিঙা বা আঘাত আদি পালে বিভিন্ন ধৰণৰ ছালৰ এণ্টেচেপটিক ক্ৰীম ব্যৱহাৰ কৰো, কিন্তু যদি আপুনি আয়ুৰ্বেদৰ চিকিৎসা বিচাৰে, তেন্তে আঘাতপ্ৰাপ্ত এলেকাত ক’লা হালধি লগালে সোনকালে আঘাত আৰোগ্য হয়।
  • পাচতন্ত্ৰ শক্তিশালী হয়ঃ-পাকস্থলীৰ সমস্যাৰ বাবে ক’লা হালধি ব্যৱহাৰ কৰা হয় কিয়নো ক’লা হালধিয়ে হজম শক্তি উন্নত কৰে। যদি কাৰোবাৰ পেটৰ বিষ বা গেছৰ সমস্যা হয়, তেন্তে এই মছলাবিধ অতি উপকাৰী। ইয়াৰ বাবে আপুনি ক’লা হালধিগুৰি প্ৰস্তুত কৰিব লাগে আৰু ইয়াক পানীৰ সৈতে মিহলি কৰি খাব লাগে।
Black Turmeric Uses in Astrology: Tips to get wealth and business progress  through black turmeric remedies | घर पर ही करें Black Turmeric से ये आसान  उपाय, फिर देखें इसके चमत्कारिक लाभ | |
  • ছালৰ বাবে কাৰ্যকৰীঃ-হালধীয়া হালধিৰ দৰে ক’লা হালধিও ছালৰ বাবে উপকাৰী। যদি আপুনি ক’লা হালধিৰ গুৰি মৌৰ সৈতে মিহলি কৰি মুখত ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। ইয়াৰ উপৰি মুখমণ্ডলৰ বহু পুৰণি দাগ আৰু শালমন দাগ সোনকালে নোহোৱা হয়।
  • গাঁঠিৰ বিষত আৰাম দিয়েঃ-বৰ্ধিত বয়সৰ সৈতে গাঁঠিৰ বিষ হোৱাটো সাধাৰণ কথা, যদি বিষ অত্যধিক হ’বলৈ আৰম্ভ কৰে, বিষ হোৱা ঠাইখিনিত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিফাংগাল গুণাগুণেৰে সমৃদ্ধ ক’লা হালধিৰ পেষ্ট প্ৰয়োগ কৰিব, ই বিষ উপশম হোৱাত সহায় কৰিব।
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...