ক’লা হালধি ব্যৱহাৰ কৰি পাইছেনে, জানেনে ইয়াৰ বিশেষ গুণাগুণসমূহ?

দৈনিন্দিন জীৱনত আমি সকলোৱে হালধীয়া ৰঙৰ হালধি ব্যৱহাৰ কৰো। আমি সচৰাচৰ ব্যৱহাৰ কৰা হালধি আমি বিশেষ খোৱা খাদ্যত ব্যৱহাৰ কৰো। যিয়ে খাদ্যসমূহ সোৱাদযুক্ত কৰি তোলে। কিন্তু আপুনি জানেনে এই হালধীয়া ৰঙৰ হালধিৰ উপৰিও উপলব্ধ হয় ক’লা হালধি। যাৰ আছে বিশেষ গুণাগুণ। ক’লা হালধি মুখ্যতঃ ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত পোৱা যায়। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ছালৰ বাবে ই ঔষধতকৈ কম নহয়। পিছে কেতিয়াবা আপুনি ক’লা হালধি ব্যৱহাৰ কৰি পাইছেনে?

ক’লা হালধিৰ বিশেষ গুণাগুণ

  • আঘাত সোনকালেই আৰোগ্য হয়ঃ-আমি সাধাৰণতে কটা-ছিঙা বা আঘাত আদি পালে বিভিন্ন ধৰণৰ ছালৰ এণ্টেচেপটিক ক্ৰীম ব্যৱহাৰ কৰো, কিন্তু যদি আপুনি আয়ুৰ্বেদৰ চিকিৎসা বিচাৰে, তেন্তে আঘাতপ্ৰাপ্ত এলেকাত ক’লা হালধি লগালে সোনকালে আঘাত আৰোগ্য হয়।
  • পাচতন্ত্ৰ শক্তিশালী হয়ঃ-পাকস্থলীৰ সমস্যাৰ বাবে ক’লা হালধি ব্যৱহাৰ কৰা হয় কিয়নো ক’লা হালধিয়ে হজম শক্তি উন্নত কৰে। যদি কাৰোবাৰ পেটৰ বিষ বা গেছৰ সমস্যা হয়, তেন্তে এই মছলাবিধ অতি উপকাৰী। ইয়াৰ বাবে আপুনি ক’লা হালধিগুৰি প্ৰস্তুত কৰিব লাগে আৰু ইয়াক পানীৰ সৈতে মিহলি কৰি খাব লাগে।
Black Turmeric Uses in Astrology: Tips to get wealth and business progress  through black turmeric remedies | घर पर ही करें Black Turmeric से ये आसान  उपाय, फिर देखें इसके चमत्कारिक लाभ | |
  • ছালৰ বাবে কাৰ্যকৰীঃ-হালধীয়া হালধিৰ দৰে ক’লা হালধিও ছালৰ বাবে উপকাৰী। যদি আপুনি ক’লা হালধিৰ গুৰি মৌৰ সৈতে মিহলি কৰি মুখত ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। ইয়াৰ উপৰি মুখমণ্ডলৰ বহু পুৰণি দাগ আৰু শালমন দাগ সোনকালে নোহোৱা হয়।
  • গাঁঠিৰ বিষত আৰাম দিয়েঃ-বৰ্ধিত বয়সৰ সৈতে গাঁঠিৰ বিষ হোৱাটো সাধাৰণ কথা, যদি বিষ অত্যধিক হ’বলৈ আৰম্ভ কৰে, বিষ হোৱা ঠাইখিনিত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিফাংগাল গুণাগুণেৰে সমৃদ্ধ ক’লা হালধিৰ পেষ্ট প্ৰয়োগ কৰিব, ই বিষ উপশম হোৱাত সহায় কৰিব।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...