উদ্ধাৰ হ’ল জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স

উদ্ধাৰ কৰা হ’ল চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স। দুৰ্ঘটনাস্থলীৰ পৰা তদন্তকাৰী দলে হেলিকপ্টাৰৰ ব্লেক বক্সটো উদ্ধাৰ কৰাৰ পিছতে তদন্তৰ বাবে লৈ যোৱা হয়। বুধবাৰে তামিনলনাডুৰ কুন্নুৰত বায়ুসেনাৰ MI 17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীৰ ৩০০ মিটাৰজোৰা অঞ্চলত ব্লেক বক্সৰ সন্ধান চলোৱা হৈছিল।

দুৰ্ঘটনা সন্দৰ্ভত বায়ুসেনাই দিয়া নিৰ্দেশৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে যদিও ব্লেক বক্স উদ্ধাৰৰ পিছত তদন্তৰ বাবে অধিক তথ্য লাভ কৰাটো সম্ভৱ হ’ব। উল্লেখ্য যে জেনেৰেল ৰাৱাটসহ এটা ১৪ জনীয়া দলক লৈ কম্বাটোৰৰ চুলুৰৰ পৰা ৱেলিংটনলৈ উৰা মৰাৰ কিছু সময় পিছতে নীলগিৰি জিলাৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন। দুৰ্ঘটনাত জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নীসহ ১৩জনৰ মৃত্যু হৈছিল।

এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং। সম্প্ৰতি ৱেলিংটনৰ সামৰিক হাস্পাতলত চিকিৎসাধীন হৈ আছে বৰুণ সিং।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...