বিধায়ক তেৰছ গোৱালাক কোনে, কিয় আক্ৰমণ কৰিছিল?

চলন্ত ৰে’লত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালা। লামডিঙত নিশা চাঞ্চল্যকৰ ঘটনা। বিধায়কজনে পত্নী আৰু সন্তানসহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰাৰ সময়তে ৰাজধানী এক্সপ্ৰেছৰ A3 ডবাত সংঘটিত হয় এই ঘটনা। বিধায়কজন থকা ডবাটোত লামডিঙৰ পৰা গৈছিল ৰমাকান্ত ৰয় নামৰ আন এজন যাত্ৰী। ডবাৰ লাইট বন্ধ কৰাক লৈ লোকজনে প্ৰথমে বিধায়কজনক দুৰ্ব্যৱহাৰ কৰে। ঘটনাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। ইয়াৰ পিছতে ৰমাকান্ত ৰয়ে অতৰ্কিতে আক্ৰমণ কৰে বিধায়ক তেৰছ গোৱালাক।

ইয়াৰ পিছতে বিধায়কজনে ৰে’লৱেৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰাত লামডিং ৰে’লৱে ষ্টেচনত উপস্থিত হয় আৰু অভিযুক্ত ৰমাকান্ত ৰয়ক আটক কৰে। ইপিনে বিধায়কজনক চলন্ত ৰে’লতে আক্ৰমণৰ খবৰ পোৱাৰ পিছতে স্থানীয় বিধায়ক শিবু মিশ্ৰসহ বহু লোক ষ্টেচনত উপস্থিত হয়। এই ঘটনাক লৈ নিশা লামডিং ৰে’লৱে ষ্টেচনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছত আৰক্ষীয়ে অভিযুক্ত লোকজনক কৰায়ত্ত কৰি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...