ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে
আন সমষ্টিৰ লগতে ধলাই আৰু ছিদলীত বিৰোধীৰ আশাত চেঁচা পানী
ধলাইত ১১হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ

বৰাকত এতিয়া কংগ্ৰেছৰ দুৰ্গ আগৰ দৰে মজবুত নহয়। বিজেপিৰ কৰ্মকৰ্তাৰ কৰ্মদক্ষতা আৰু দলটোৰ ৰাজনৈতিক চাতুৰ্যতাই ইতিমধ্যেই বৰাকৰ ভিন্ন প্ৰান্তত মুহি পেলাইছে ৰাইজক। সেয়ে শনিবাৰৰ উপ নিৰ্বাচনৰ ফলাফলত ধলাইত সগৌৰৱেৰে আগবাঢ়িল বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাস। ১১হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰি জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে। ধলাইত ৭২.৪০% শতাংশ লোকে সাবস্ত্য কৰিলে ভোটাধিকাৰ। আনন্দৰ বন্যা বৈ গল ধলাইৰ বিজেপি প্ৰাৰ্থীৰ মাজত। উদযাপন কৰিলে বিজয়োত্সৱ।

শিলচৰত মন্তব্য কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও।
গৌৰৱ গগৈ-ভূপেন বৰাৰ কাজিয়াৰ বাবে ৫ খন আসনত বিজেপিৰ অগ্ৰগতি : অখিল
গৌৰৱ গগৈৰ অহংকাৰৰ বাবে আজি কংগ্ৰেছৰ এই অৱস্থা : অখিল

ইফালে ছিদলীত জয়লাভ UPPL প্রাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ। ৩৭,০১৬টা ভোটৰ ব্যৱধানত জয়ী নিৰ্মল কুমাৰ ব্ৰহ্ম। হাগ্ৰামাৰ অংক অশুদ্ধ কৰি পৰাজিত বি.পি.এফৰ শুদ্ধ কুমাৰ বসুমতাৰী।

‘২৫ৰ বি টি আৰ নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে পৰিগণিত হোৱা এই উপ নিৰ্বাচনতো ছিদলীত বি পি এফৰ অংক অশুদ্ধ কৰি পৰাজিত কৰি জয়ী হল শুদ্ধ বসুমতাৰী। ৩৭,০১৬টা ভোটৰ ব্যৱধানত জয়ী হল UPPL প্রাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম। ৩ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হব বুলি কৈ নিৰাশ হটল হাগ্ৰামা মহিলাৰী। ছিদলীত ৭২.৩০% লোকে কৰিলে ভোটদান। বিজেপি প্ৰাৰ্থীৰ জয়ত নেতা কৰ্মীৰ মাজত আনন্দৰ উল্লাস। ছিদলীত দিনৰ ভাগতে দেখিবলৈ পোৱা গ’ল আবতৰীয়া দিপাৱলী। কঁকাল ঘূৰাই নাছিলে মহিলা কৰ্মকৰ্তাসকলেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...