আৰক্ষীৰ কোব খাই যুৱকৰ আত্মহত্যা

গুৱাহাটী, ১১ জুলাই, NKTV: ক’ভিড প্ৰট’কলৰ দোহাই দি আৰক্ষীৰ নিৰ্মম প্ৰহাৰ। বিশ্বনাথৰ এজন যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিচতে আত্মহত্যাৰ পথ বাচি লয় এজন যুৱকে। বিশ্বনাথৰ নামবাঘমৰা গাঁৱৰ হেমন্ত বৰা নামৰ যুৱকজনে চাৰিদিন পূৰ্বে মাতৃৰ বাবে ঔষধ আনিবলৈ বিশ্বনাথ নগৰলৈ যাওতে আগ পিচ নুশুধি বেয়াকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত পকেটত থকা হেমন্তৰ মবাইলটো ভাঙি যায়। ইয়াকে লৈ দৈনিক হাজিৰা কৰি কোনোমতে চলি থকা হেমন্ত মানসিকভাৱে ভাগি পৰে। আৰু দেওবাৰে পুৱাই ঘৰৰ ওচৰৰ এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় হেমন্তৰ মৃতদেহ। হেমন্তৰ পিতৃৰ আৰু স্থানীয় লোকৰ অভিযোগ, আৰক্ষীৰ প্ৰহাৰৰ বাবেই হেমন্ত বৰাই বাচি ল’লে আত্মহত্যাৰ পথ। কষ্টৰে কিনা মবাইল ফোনটো ভাঙি যোৱাত হতাশ হৈ পৰিছিল যুৱকজন। নিশা আৰক্ষীৰ প্ৰহাৰৰ কথা জনাইছিল স্থানীয় লোককো। হেমন্ত বৰাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে। স্থানীয় ৰাইজৰ অভিযোগ,বিশ্বনাথ আৰক্ষীয়ে SOPভংগ কৰাৰ অভিযোগত সোধাপোচা নকৰি মাৰপিট কৰাৰ ফলতেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। দৰিদ্ৰ পৰিয়ালৰ যুৱক হেমন্ত বৰাই দিন হাজিৰা কৰি ক্ৰয় কৰা মবাইলটো ভাঙি যোৱাৰ পিচতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্বনাথ আৰক্ষীৰ বিৰুদ্ধে ৰাইজ তথা পৰিয়ালে কৰা অভিযোগৰ সন্দৰ্ভত মুখ খোলা নাই বিশ্বনাথ আৰক্ষীয়ে। এইবিষয়ে মন্তব্য কৰাৰ ক্ষেত্ৰতো আঁতৰি আছে বিশ্বনাথ আৰক্ষী।

বিশ্বনাথৰ পৰা অজিত দাসৰ ৰিপৰ্ট, এন.কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...