পাকিস্তানৰ পৰা নেপাল হৈ বিহাৰত প্ৰৱেশ কৰিছে ৩ সন্ত্ৰাসবাদী! সতৰ্কবাণী জাৰি আৰক্ষীৰ

পাকিস্তানৰ পৰা নেপালৰ মাজেৰে বিহাৰত তিনিটা জঈশ-ঈ-মহম্মদৰ সন্ত্ৰাসবাদী সোমাইছে। চোৰাংচোৱা সংস্থাই বিহাৰ আৰক্ষীক সতৰ্ক কৰাৰ পিছত ৰাজ্যজুৰি উচ্চ পৰ্যায়ৰ সতৰ্কতা জাৰি কৰা হৈছে।

চোৰাংচোৱা সূত্ৰৰ খবৰ অনুসৰি, তিনিটা সন্ত্ৰাসবাদীক চিনাক্ত কৰা হৈছে। সিহঁত হৈছে পাকিস্তানৰ ৰাৱালপিণ্ডিৰ বাসিন্দা হাছনাইন আলী, উমৰকোটৰ আদিল হুছেইন আৰু বহৱালপুৰৰ মহম্মদ উছমান। এই তিনিটা সন্ত্ৰাসবাদী জঈশ-ঈ-মহম্মদৰ সদস্য। চোৰাংচোৱাৰ তথ্য অনুসৰি, এই সন্ত্ৰাসবাদীকেইটাই আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত পাকিস্তানৰ পৰা নেপালৰ কাঠমাণ্ডুলৈ আহিছিল আৰু সম্প্ৰতি বিহাৰত প্ৰৱেশ কৰিছে।

ইতিমধ্যে তিনিটা সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰি দেশৰ জনসাধাৰণক সতৰ্ক কৰা হৈছে। সন্ত্ৰাসবাদীকেইটাৰ সন্ধানত তালাচী অভিযানো আৰম্ভ হৈছে। বিহাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সকলো জিলাৰ আৰক্ষী বিষয়াক তিনিটা সন্ত্ৰাসবাদীৰ বিষয়ে বাৰ্তা পঠিয়াই সতৰ্ক কৰা হৈছে। চোৰাংচোৱা সংস্থাসমূহেও সন্ত্ৰাসবাদীকেইটাৰ গতিবিধি চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে। আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা জনসাধাৰণক বাৰ্তা দিয়া হৈছে যে, কোনো সন্দেহজনক লোক দেখিলে তৎক্ষণাত আৰক্ষীক জনোৱা হওক।

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ, তাৰ পিছৰ ‘অপাৰেশ্যন সিন্দূৰ’ আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিগত মে’ মাহৰ পৰা ভাৰত-নেপাল সীমান্তৰ বিহাৰত নিৰাপত্তা জোৰদাৰ কৰা হৈছে। সীমান্তৱৰ্তী মধুবনী, সীতামঢ়ী, সুপৌল, অৰৰিয়া, পূৰ্ব আৰু পশ্চিম চম্পাৰণ জিলাত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে বুলি আৰক্ষী আৰু প্ৰশাসনৰ সূত্ৰই জনাইছে।

ভাৰতৰ সৈতে নেপালৰ বিহাৰৰ দিশৰ প্ৰায় ৭২৯ কিলোমিটাৰ সীমান্ত উন্মুক্ত। ফলত, এই অঞ্চলসমূহ অনুপ্ৰৱেশৰ ‘হটস্পট’ হৈ পৰিছে বুলি ধাৰণা কৰা হৈছে। এই অঞ্চলৰ মাজেৰে সহজে সীমান্ত পাৰ হ’ব পৰা যায়। তাৰ ফলত বিহাৰৰ ৭খন সীমান্তৱৰ্তী জিলাত অহৰহ নিৰীক্ষণ এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে বুলি আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে। সন্দেহ কৰা হৈছে যে, এই সীমান্তৱৰ্তী জিলাসমূহৰ কোনোবা এখনৰ মাজেৰে সন্ত্ৰাসবাদীকেইটাই বিহাৰত প্ৰৱেশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...