UPI ID ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ

সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰিছে UPI লেনদেন। বিভিন্ন ব্যৱসায়িক লেনদেনৰ লগতে ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰতো সম্প্ৰতি বিশেষভাৱে ব্যৱহাৰ কৰি অহা হৈছে এই UPI ব্যৱস্থা। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি পহিলা জানুৱাৰীৰ পৰা UPI লেনদেনৰ ক্ষেত্ৰত সলনি কৰা হৈছে কেইবাটাও নিয়ম। এই ব্যৱস্থাত সংযোজিত কৰা হৈছে নতুন নিয়ম অনুসৰি RBI-এ সমগ্ৰ দেশত UPI ATMসেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ATM সেৱাৰ জৰিয়তে বেংক একাউণ্টৰ পৰা QR CODEৰ জৰিয়তে উলিয়াব পৰা যাব নগদ ধন। এবছৰ ধৰি ব্যৱহাৰ নকৰা Paytm, Gpay, PhonPe আৰু অন্যান্য বেংক একাউণ্টা বন্ধ কৰি দিয়া হ’ব। এই সম্পৰ্কত ইতিমধ্যে নেচনেল পেমেণ্ট কৰ্পোৰেশ্যনে সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে। UPI লেনদেনৰ কেতবোৰ ক্ষেত্ৰত ইয়াৰ উৰ্ধসীমা বৃদ্ধি কৰা হৈছে। বৰ্তমান UPI ব্যৱস্থাৰে প্ৰতিদিনে সৰ্বাধিক ১ লাখ টকাৰ লেনদেন কৰাটো সম্ভৱ। এতিয়াৰে পৰা RBI-এ স্বাস্থ্য আৰু শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই সীমা ৫ লাখ টকালৈকে বৃদ্ধি কৰে। PPI অৰ্থাৎ Prepaid Payment Instrument ব্যৱস্থাৰে ২০০০ টকাৰ অধিক লেনদেনৰ ক্ষেত্ৰত এতিয়াৰে পৰা আৰোপ কৰা হ’ব ১.১ শতাংশ মাচুল। এই নতুন নিয়মসমূহ পহিলা জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব।

NKTV Digital
Author: NKTV Digital

290 COMMENTS

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...