বৰঝাৰ বিমানবন্দৰত ভোগালীৰ আয়োজন

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰা আৰু ঐতিহ্যক সদায় আগস্থান দি অহা হৈছে। বিগত বৰ্ষসমূহৰ দৰে, এইবাৰো বাপুতি-সাহোন মাঘ বিহুৰ উপলক্ষে দুটাকৈ মেজিঘৰ সাজি উলিওৱা হৈছে। মেজিঘৰ দুটা ক্ৰমান্বয়ে যাত্ৰীৰ আগমন কক্ষ আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি প্ৰদৰ্শন কৰা হৈছে। দেশ-বিদেশৰ পৰা অহা বহু যাত্ৰীয়ে মেজিঘৰৰ কাষত ৰৈ ছেলফি লোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, মেজিঘৰ দুটা সম্পূৰ্ণ পাৰম্পৰিক পদ্ধতিৰে বাঁহ, ধান-খেৰেৰে প্ৰস্তুত কৰা হৈছে। মেজিৰ কাষতে ডলা-চালনীৰে আটকধুনীয়াকৈ এখন শৰাইত তিলপিঠা, তিলৰ লাডু, নাৰিকলৰ লাডু, বৰপিঠা ইত্যাদিও প্ৰদৰ্শন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...