মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে প্ৰথমবাৰলৈ বিধায়ক হোৱা ভজনলাল শৰ্মাই

ৰাজস্থানৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে প্ৰথমবাৰলৈ বিধায়ক হোৱা ভজনলাল শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে ২ উপমুখ্যমন্ত্ৰীয়েও ল’লে সাংবিধানিক বিধি পালনৰ শপত। শপতগ্ৰহণ অনুষ্ঠাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদীসহ বহু কেইজন কেন্দ্ৰীয়মন্ত্ৰী, বিজেপি নেতা। বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকে শপত গ্ৰহণ অনু্ষ্ঠানত।
প্ৰথমে পিতৃ–মাতৃ পূজন, তাৰ পাছত শপতগ্ৰহণ
প্ৰথমবাৰ বিধায়ক হৈয়ে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা
উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী, প্ৰেমচান্দ বৈৰৱাৰ শপতগ্ৰহণ
শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী উপস্থিত
ৰাজনাথ সিং,অমিত শ্বাহ, জে.পি. নাড্ডা উপস্থিত
শপতগ্ৰহণ কৰিয়েই কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী
শপতগ্ৰহণৰ পূৰ্বে মন্দিৰে মন্দিৰে পূজা-অৰ্চনা ভজনলালৰ

প্ৰথমে পিতৃ–মাতৃ পূজন
তাৰপাছত শপতগ্ৰহণ
প্ৰথমবাৰ বিধায়ক হৈয়ে মুখ্যমন্ত্ৰী হ’ল ভজনলাল শৰ্মা

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে জনাকীৰ্ণ পৰিবেশত শপত ল’লে জয়পুৰৰ ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজনলাল শৰ্মাই। জয়পুৰৰ ৰাম নিবাস বাগত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল কালৰাজ মিশ্ৰই ৰাজস্থানৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে ভজনলাল শৰ্মাক শপত বাক্য পাঠ কৰোৱাই।

মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাৰ পিছতে শপত লয় ২ প মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু প্ৰেমচান্দ বৈৰৱাই। মুখ্যমন্ত্ৰী আৰু ২ উপমুখ্যমন্ত্ৰীৰ বাদে আন কোনো মন্ত্ৰীয়ে শপত লোৱা নাই। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহসহ জে.পি. নাড্ডা আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী। বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে শপতগ্ৰহণ অনুষ্ঠানত। মঞ্চত প্ৰথম শাৰীতে দেখা গ’ল বিদায়ী মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অশোক গেহলটক। বসুন্ধৰা ৰাজেও উপস্থিত থাকে শপতগ্ৰহণ অনুষ্ঠানত। অৱশ্যে ঘোষকৰ ক্ৰটিত
শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী হ’ল ‘মুখ্যমন্ত্ৰী মোদী’

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ক্ষমতা দখল কৰা ৩ ৰাজ্যৰ শপতগ্ৰহণ অনুষ্ঠানতে চমক দিয়াৰ চেষ্টা কৰা হ’ল। মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ শপতগ্ৰহণ অনুষ্ঠানৰ দৰে ৰাজস্থানতো ভিৰ লাগিল বিজেপিৰ হাইপ্ৰফাইল নেতাৰ। শপতগ্ৰহণ অনুষ্ঠানৰ পিছতো ৰাজস্থানৰ মুখ্যমন্ত্ৰী নিৰ্বাচন বিতৰ্ক অব্যাহত থাকিল। বিজেপি নেতাই ভজনলালকো এজন প্ৰভাবশালী নেতা বুলিয়েই বাখ্যা কৰিলে। শপতগ্ৰহণৰ পিছতে নিজৰ কাৰ্যালয়ত গৈ উপস্থিত হ’ল মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। মাংগলিক অনুষ্ঠানৰ মাজেৰে প্ৰৱেশ কৰিলে কাৰ্যালয়ত। উপ=মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়েও কাৰ্যালয়ত প্ৰৱেশ কৰে। দুয়োগৰাকীৰ লগত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে। শপতগ্ৰহণলৈ অহাৰ পূৰ্বে মুখ্যমন্ত্ৰী ভজন লালে পিতৃ–মাতৃৰ আশীৰ্বাদ লয়। পিতৃ–মাতৃৰ চৰণ পখালি পিন্ধাই দিয়ে মালা। পুত্ৰৰ এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰে পিতৃ–মাতৃয়ে।

পিতৃ–মাতৃৰ আশীৰ্বাদ লৈ শপতগ্ৰহণ কৰিবলগীয়া ভজনলাল, দিয়া কুমাৰীয়ে মাংগলিক কাৰ্যসূচীত অংশ লয়। মন্দিৰৰ পৰা পোনে পোনে গৈ উপস্থিত হৈ শপতগ্ৰহণ অনুষ্ঠানত। শপতগ্ৰহণৰ পিছতে দিয়া কুমাৰীয়ে কয়, ৰাজস্থানে পূৰ্বৰ চৰকাৰৰ তুলনাত নতুন গতি লাভ কৰিব।

1 COMMENT

  1. ch IPhD Grant SXPHI0_142005, by the Novartis Foundation for Medical Biological Research Grant 13A25, and by ERC Synergy Grant 609883 priligy 30mg tablets To make sure you can safely take Tamoxifen Meiji, tell your doctor if you have any of these other conditions

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি

ছট্টগ্ৰামৰ ১০ ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল...

নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা দেৱজিৎ...

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ...