আলিংগনৰ অভ্যাস গঢ়ি তোলক, দূৰ হ’ব এইসমূহ সমস্যা!

ব্যস্ততাই কোঙা কৰা জীৱনত মানুহৰ পৰা মানুহৰ দূৰত্ব বাঢ়িছে। মনৰ দূৰত্বৰ সমানে শাৰীৰিক সাহচৰ্যৰ পৰাও বঞ্চিত হৈছে মানুহ। মৰম-চেনেহৰ এই মহঙা দিনত মানুহে হেৰুৱাইছে সান্নিধ্যৰ পৰশ। ইয়াৰ মাজতে গৱেষণাত প্ৰকাশ পাইছে যে দিনটোত অতি কমেও এবাৰ যদি আপোনজনৰ সৈতে আলিংগনৰ অভ্যাস গঢ়ি তোলা হয় তেতিয়া বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। আন্তৰিকভাবে কৰা আলিংগনে মনৰ পৰা ক্লান্তিৰ ভাব আঁতৰোৱাত সহায় কৰে। গৱেষণাত পোহৰলৈ আহিছে যে আপোনজনৰ সৈতে হোৱা আলিংগনে জটিল ৰোগত আক্ৰান্ত হোৱাজনকো সুস্থ পথলৈ আনিব পাৰে। অনেক সময়ত প্ৰবল মানসিক চাপ আৰু হতাশাই মানুহক অসুস্থ কৰি তোলে। এনে ক্ষেত্ৰত প্ৰতিদিনে অন্ততঃ এবাৰো যদি আপোনজনৰ সৈতে আলিংগন কৰে তেতিয়া এনেধৰণৰ ৰোগৰ পৰা সহজেই মুক্ত হ’ব পাৰি। কাৰ্নেগি মেলন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছেলডন কোহেনৰ তত্বাৱধানত হোৱা এক গৱেষণাত পোহৰলৈ আহিছে যে আমাৰ মাজত বহু লোকে কম-বেছি পৰিমাণে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। এনে ধৰণৰ ভাইৰাছৰ আক্ৰমণৰ ফলতেই চৰ্দি-জ্বৰ-কাহৰ দৰে অসুখত আক্ৰান্ত হয়। খুব আন্তৰিকভাবে ইজনে-সিজনক সাবটি ধৰিলে এনেধৰণৰ ভাইৰাছৰ আক্ৰমণৰ পৰাও হাত সাৰিবৰ বাবে মানসিক শক্তি দিয়ে। তদুপৰি অত্যধিক চাপ, হতাশাৰ পৰা মুক্ত হ’বৰ বাবে আলিংগন অত্যন্ত প্ৰয়োজনীয়। গৱেষকসকলৰ মতে আলিংগনে মানুহৰ মন মগজুত সাংঘাটিক ধৰণে ইতিবাচক প্ৰভাৱ পেলায়, যাৰ বাবে বিভিন্ন ৰোগৰ পৰা নিৰ্বিঘ্নে আঁতৰি থাকিব পাৰি।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...