আলিংগনৰ অভ্যাস গঢ়ি তোলক, দূৰ হ’ব এইসমূহ সমস্যা!

ব্যস্ততাই কোঙা কৰা জীৱনত মানুহৰ পৰা মানুহৰ দূৰত্ব বাঢ়িছে। মনৰ দূৰত্বৰ সমানে শাৰীৰিক সাহচৰ্যৰ পৰাও বঞ্চিত হৈছে মানুহ। মৰম-চেনেহৰ এই মহঙা দিনত মানুহে হেৰুৱাইছে সান্নিধ্যৰ পৰশ। ইয়াৰ মাজতে গৱেষণাত প্ৰকাশ পাইছে যে দিনটোত অতি কমেও এবাৰ যদি আপোনজনৰ সৈতে আলিংগনৰ অভ্যাস গঢ়ি তোলা হয় তেতিয়া বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। আন্তৰিকভাবে কৰা আলিংগনে মনৰ পৰা ক্লান্তিৰ ভাব আঁতৰোৱাত সহায় কৰে। গৱেষণাত পোহৰলৈ আহিছে যে আপোনজনৰ সৈতে হোৱা আলিংগনে জটিল ৰোগত আক্ৰান্ত হোৱাজনকো সুস্থ পথলৈ আনিব পাৰে। অনেক সময়ত প্ৰবল মানসিক চাপ আৰু হতাশাই মানুহক অসুস্থ কৰি তোলে। এনে ক্ষেত্ৰত প্ৰতিদিনে অন্ততঃ এবাৰো যদি আপোনজনৰ সৈতে আলিংগন কৰে তেতিয়া এনেধৰণৰ ৰোগৰ পৰা সহজেই মুক্ত হ’ব পাৰি। কাৰ্নেগি মেলন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছেলডন কোহেনৰ তত্বাৱধানত হোৱা এক গৱেষণাত পোহৰলৈ আহিছে যে আমাৰ মাজত বহু লোকে কম-বেছি পৰিমাণে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। এনে ধৰণৰ ভাইৰাছৰ আক্ৰমণৰ ফলতেই চৰ্দি-জ্বৰ-কাহৰ দৰে অসুখত আক্ৰান্ত হয়। খুব আন্তৰিকভাবে ইজনে-সিজনক সাবটি ধৰিলে এনেধৰণৰ ভাইৰাছৰ আক্ৰমণৰ পৰাও হাত সাৰিবৰ বাবে মানসিক শক্তি দিয়ে। তদুপৰি অত্যধিক চাপ, হতাশাৰ পৰা মুক্ত হ’বৰ বাবে আলিংগন অত্যন্ত প্ৰয়োজনীয়। গৱেষকসকলৰ মতে আলিংগনে মানুহৰ মন মগজুত সাংঘাটিক ধৰণে ইতিবাচক প্ৰভাৱ পেলায়, যাৰ বাবে বিভিন্ন ৰোগৰ পৰা নিৰ্বিঘ্নে আঁতৰি থাকিব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...