বশিষ্ঠদেৱ ফুকনলৈ বিউটি হাজৰিকা স্মাৰক বঁটা

মানৱ দৰদী প্ৰয়াত বিউটি হাজৰিকা স্মৃতি ন্যাস সমিতিয়ে এই বছৰৰ পৰা তেওঁৰ নামত এটি স্মাৰক বঁটা ঘোষণা কৰিছে বুলি ন্যাসৰ সমিতিৰ সচিব ডাঃ ৰূপজ্যোতি গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে। প্ৰয়াত বিউটি হাজৰিকা পেছাত এগৰাকী চিকিৎসাকৰ্মী হোৱাৰ ওপৰিও অসমৰ এগৰাকী চাইক্লিষ্ট হিচাপে প্ৰতিষ্ঠিত আৰূ এসময়ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী সাধাৰণ সম্পাদিকা, সমাজকৰ্মী হিচাপে পৰিচিত আছিল। হঠাৎ জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰয়াত বিউটি হাজৰিকাৰ নামত গঠিত ন্যাসৰ তৰফৰ পৰা এটি স্মাৰক বঁটা ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত আগভাগ লোৱা তথা গঠনমূলক কাম আগবঢ়োৱা উদীয়মানলোকক এই বঁটা প্ৰদান কৰা হ’ব। এইবাৰ প্ৰথমবাৰৰ বাবে যুৱ প্ৰজন্মৰ এজন জনপ্ৰিয় সাংবাদিক বশিষ্ঠ দেৱ ফুকনলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁৰ মৃত্যু তিথি ১৮ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...