এইবাৰ আহি আছে মহিলা IPL! ক’ত, ক’ত অনুষ্ঠিত হ’ব খেল?

পুৰুষ IPLৰ বৃহত্তম সফলতাৰ পিছত এইবাৰ মহিলা IPLক এক নতুন দিগন্ত দিব খুজিছে BCCI-এ। BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে মহিলাৰ IPLৰ ওপৰত এটা ডাঙৰ আপডেট দিছে। গাংগুলীয়ে কয় যে “এই বছৰৰ মহিলাৰ টি-২০ চেলেঞ্জ ট্ৰফী বা মিনি মহিলা IPL মে মাহত অনুষ্ঠিত হ’ব। আৰু আশা কৰোঁ ভৱিষ্যতে আমি এখন ডাঙৰ মহিলা IPL আয়োজন কৰিবলৈ সক্ষম হ’ম, কিন্তু এই বছৰ IPL প্লে অফৰ সময়ত মহিলাৰ টি-২০ চেলেঞ্জ ট্ৰফী আমি অনুষ্ঠিত কৰিম।”

মহিলাৰ টি-২০ চেলেঞ্জ ট্ৰফীত ৩টা দলে অংশগ্ৰহণ কৰে। দলৰ নাম কেইটা হৈছে চুপাৰনোভা, ভেলোচিটি আৰুট্ৰেইল ব্লেজাৰ। এতিয়ালৈকে, প্ৰতিযোগিতাখন মাত্ৰ তিনিবাৰ অনুষ্ঠিত হৈছে। ২০১৮ আৰু ২০১৯ চনত, চুপাৰনোভাই খিতাপ জিকিছিল আনহাতে ২০২০ চনত, ট্ৰেইল ব্লেজাৰে খিতাপ জিকিছিল। অৱশ্যে, যোৱা বছৰ ক’ভিডৰ বাবে এই প্ৰতিযোগিতাখন খেলিব পৰা নগ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...