BCCI-এ নিষিদ্ধ ঘোষণা কৰিলে ক্ৰীড়া সাংবাদিক বোৰিয়া মজুমদাৰক

BCCIএ ক্ৰীড়া সাংবাদিক বোৰিয়া মজুমদাাৰক দুবছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিলে। ভাৰতীয় উইকেটকিপাৰ-বেটাৰ ঋদ্ধিমান সাহাক ভাবুকি আৰু ভয়ৰ বাৰ্তাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সাংবাদিকজনক দুবছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে। বিচিচিআইয়ে মুখ্য কাৰ্যবাহী বিষয়া হেমাং আমিনৰ দ্ধাৰা এখন আভ্যন্তৰীণ পত্ৰৰ দ্ধাৰা সকলো ৰাজ্যিক গোটক নিষেদ্ধাজ্ঞাৰ বিষয়ে অৱগত কৰিছে।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ তিনিজনীয়া সমিতি গঠন কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল। য’ত উপস্থিত আছিল সভাপতি ৰাজীব শুক্লা, কোষাধ্যক্ষ অৰুণ ধুমলা আৰু পৰিষদৰ প্ৰভতেজ সিং ভাটিয়া। ক্ৰীয়া সাংবাদিক বোৰিয়া মজুমদাৰে ঋদ্ধিমান সাহাক সাক্ষাৎকাৰ দিবলৈ সন্মত নোহোৱাৰ বাবে তেওঁ ক্ৰিকোটাৰজনক ভয় আৰু ভাবুকি দিছিল যাৰ বাবে সাংবাদিকজনক নিষিদ্ধ ঘোষণা কৰিলৈ বাধ্য হ’ল বিচিচিআই।

অবশ্যে তেওঁ নিষিদ্ধ কৰাৰ সময়ত বিচিচিআইয়ে দুয়োজনৰ পৰা নিজৰ নিজৰ মতামত লৈছিল। আৰু তিনিজনীয়া সমিতিক সম্পূৰ্ণ বিচিচিআইৰ আন শীৰ্ষ বিষয়াসকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...