আজি ১২ ঘন্টীয়া বৰাক বন্ধ, AIUDFৰ ও পৃথককৈ বন্ধৰ আহ্বান

আজি ১২ ঘন্টীয়া বৰাক বন্ধ, AIUDFৰ ও পৃথককৈ বন্ধৰ আহ্বান

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত আজি ১২ ঘন্টীয়া বৰাক বন্ধৰ আহ্বান কেইবাটাও দল-সংগঠনৰ। কংগ্ৰেছ আৰু AIUDF এ পৃথক পৃথকে এই বন্ধৰ আহ্বান কৰিছে। মঙলবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান কৰা এই বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে এতিয়া বৰাক উপত্যকাত।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে BDFএ আহ্বান কৰা বৰাক বন্ধক কংগ্ৰেছৰ লগতে আন দলসমূহে সমৰ্থন কৰিছে। আনহাতে, AIUDF দলেও বেলেগকৈ বন্ধৰ আহ্বান কৰিছে। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছে।

বৰাকৰ দুটা বিধানসভা সমষ্টি কৰ্তনৰ প্ৰস্তাৱৰ বিৰোধিতাৰে বন্ধৰ আহ্বান কৰা হৈছে। এই বন্ধৰ সময়ত যাতে কোনো অনৈতিক কাৰ্য বা পৰিস্থিতি অশান্ত নহয়, সেই উপলক্ষে ৰাজপথসমূহত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে।

বিডিএফৰ মুখ্য আহ্বায়কে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱা হৈছে, য’ত দুটা বিধানসভা সমষ্টি বিলোপ কৰা হৈছে- এটা হাইলাকান্দিত (কাটলিচেৰা) আৰু আনটো কৰিমগঞ্জ জিলাত (পাথাৰকান্দি)। প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিকল্পনাই বৰাক উপত্যকাৰ বিধানসভা আসনৰ সংখ্যা ১৫ ৰ পৰা ১৩ লৈ হ্ৰাস কৰিছে, যাৰ ফলত ইয়াৰ প্ৰতিনিধিত্বৰ সংখ্যাও হ্ৰাস পাইছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...