ৰোহিংগ্যাৰ বোজা ভাৰতক দিবলৈসাজু হৈছে বাংলাদেশ

🖋️অচিন্ত্য শৰ্মা

নিজ দেশৰ বোজা হৈ উঠা ৰোহিংগ্যা মুছলিম অনুপ্ৰৱেশকাৰীহতঁক যেনেতেনে ভাৰতলৈ থেলি পঠোৱাৰ বাবে শেহতীয়া উদগ্ৰীৱ হৈ উঠিছে শ্বেখ হাছিনা চৰকাৰ। নতুন দিল্লীৰ দুৰ্বলতাৰ সুযোগ লৈ ঢাকা মহলে ক্ৰমাৎ তৈয়াৰ কৰি আনিছে এক বিশাল ৰোহিংগ্যা পুচ বেক অপাৰেশ্যনৰ পৃষ্ঠভূমি। ইয়াৰ বাবে বাংলাদেশৰ দায়িত্বশীল মন্ত্ৰীয়ে ইতিমধ্যে উত্থাপন কৰিছে ভাৰতৰ পৰা বাংলাদেশলৈ ৰোহিংগ্যাৰ অনুপ্ৰৱেশ ঘটাৰ অভিযোগ। অথচ এইটো কথাহে সত্য বা বাস্তব যে, ভাৰতৰ পৰা বাংলাদেশলৈ নহয়, ওলোটাই বাংলাদেশৰ পৰাহে বৃহৎ হাৰত ৰোহিংগ্যা দুৰ্বৃত্তৰ ভাৰতলৈ অনুপ্ৰৱেশ ঘটিছে। এই ৰোহিংগ্যা দুৰ্বৃত্তহতেঁ ভাৰতৰ আভ্যন্তৰত সৃষ্টি কৰিছে বিভিন্ন অশান্তিকৰ পৰিস্থিতি আৰু নিৰাপত্তাজনিত সমস্যাৰ। তৎসত্বেও কিন্তু বাংলাদেশে তোলা ৰোহিংগ্যাৰ অনুপ্ৰৱেশ সংক্ৰান্তীয় অভিযোগৰ কোনো প্ৰত্তুত্বৰ দিয়া নাই মোদী চৰকাৰে। বাংলাদেশৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে সদায় প্ৰৰ্দশন কৰি অহা ৰহস্যজনক দুৰ্বলতা পূৰ্ণ প্ৰতিফলন ঘটাই এইবোৰ ঢাকাৰ অভিযোগৰ মুখত তেওঁ নীৰব নিষ্ক্ৰীয় হৈয়ে আছে। যাৰ পৰণতিত দুঃসাহসী হৈ উঠা বাংলাদেশে এতিয়া মুকলিকৈ তথা সদম্ভে ঘোষণা কৰিছে যে, ভাৰতৰ পৰা বাংলাদেশত আহি সোমোৱা ৰোহিংগ্যাহতঁক পুনৰ ভাৰতলৈ বলপূৰ্বক খেদি পঠিওৱা হ’ব। দেশখনৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালে অলপতে সাংবাদিকৰ আগত সদৰি কৰিছে এই কথা।

দৰাচলতে ভাৰতৰ পৰা বাংলাদেশত সোমোৱা নহয়, ম্যানমাৰৰ পৰা বাংলাদেশত সোমোৱা লাখ লাখ ৰোহিংগ্যাক ভাৰতলৈ থেলি ফঠোৱাৰ আয়োজনত হে লাগিছে বাংলাদেশে। ইয়াৰ বাবে ৰোহিংগ্যা শিবিৰসমূহত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। শিবিৰৰ পৰা ওলাই কোনো ৰোহিংগ্যাই যাতে বাংলাদেশী সমাজৰ লগত মিলি যাব নোৱাৰে, তাৰ বাবে লোৱা হৈছে কঠোৰ ব্যৱস্থা। প্ৰয়োজনত বিজিবি, ৰাব বা সেনা নিয়োগৰ বাবেও মনস্তিৰ কৰিছে হাছিনা চৰকাৰে। নিশ্চিতভাবে হাছিনা চৰকাৰে লোৱা এনে কঠোৰ পদক্ষেপৰ অৰ্থ হৈছে ৰোহিংগ্যাখিনিক একত্ৰিত কৰি ৰখা, যাতে মানুহখিনিক ভাৰতলৈ থেলি পঠিওৱাত সুৱিধা হয়। এতিয়া লক্ষণীয় হ’ব ভাৰত চৰকাৰে বাংলাদেশৰ পৰা আহিবলগা ৰোহিংগ্যাৰ চুনামীক সীমান্তত কেনেদৰে বাধা দিয়ে সেইটো। অৱশ্যে সেইটো কোনেও আশা কৰা নাই যে, বাৰতৰ ১০ হাজাৰ ৬ একৰ মাটি বাংলাদেশক উপহাৰ দিয়াৰ নিচিনাকৈ দি দিয়া নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ অসন্তুষ্ট হ’ব পৰা কিবা কিবা কাম কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...