মানহানিৰ গোচৰত জনী ডেপৰ জয়, এম্বাৰ হাৰ্ডে পৰিশোধ কৰিব লাগিব ১৫ নিযুত ডলাৰ

অৱশেষত আহিল হলীউডৰ তাৰকা জনী ডেপ আৰু এম্বাৰ হাৰ্ডৰ মাজত চলা এক গোচৰৰ বিচাৰ। যিটো ৰায় আদালতে দিলে জনী ডেপৰ পক্ষত। মানহানিৰ গোচৰত ইজনে সিজনৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন দম্পতীটোৱে। এই গোচৰৰে ৰায়ৰ শুনানি হয় ভাৰ্জিনিয়াৰ ফেয়াৰফেক্স কাউণ্টি চাৰ্কিট আদালতত।

বুধবাৰে হলীউড অভিনেতা জনি ডেপৰ প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত ডেপৰ পক্ষত ৰায় দিয়ে আদালতে। এম্বাৰে দাবী কৰিছিল যে ডেপে তেওঁলোকৰ বিবাহৰ আগতে আৰু পিছত এম্বাৰক উৎপীড়ন চলাইছিল।

আদালতে হাৰ্ডৰ পক্ষ শুনি কয় যে ডেপৰ উকীলে তেওঁক বদনাম কৰিছিল আৰু তেওঁৰ দুৰ্ব্যৱহাৰৰ অভিযোগক মিছা বুলি অভিহিত কৰিছিল। ডেপক ক্ষতিপূৰণৰ বাবে ১৫ নিযুত ডলাৰ পৰিশোধ কৰিব লাগে, আনহাতে হৰ্ডে ২ নিযুত ডলাৰ পাব লাগে।

২০১৮ চনৰ ডিচেম্বৰ মাহৰ এক অ’প-এডত ফেয়াৰফেক্স কাউণ্টি চাৰ্কিট আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল ডেপে। ৱাশ্বিংটন পোষ্টত হৰ্ডৰ এটা প্ৰবন্ধৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...