বাংলাদেশৰ আম কূটনীতি, ১২ কুইণ্টল আম্ৰপালি আম লৈ দিল্লীলৈ বিদেশ মন্ত্ৰী

বিগত বৰ্ষৰ নিচিনাকৈ এইবছৰো বাংলাদেশৰ আম কূটনীতি। ৰামনাথ কোবিন্দ, নৰেন্দ্ৰ মোদীলৈ আম পঠিয়ালে শ্বেখ হাছিনাই। ১২ কুইণ্টল আম্ৰপালি আম পঠোৱা হৈছে উভয়লৈকে। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ বাসভৱনে ইতিমধ্যে লাভ কৰিছে আমখিনি, নতুন দিল্লীস্থ বাংলাদেশ দূতাবাসে লৈছে এইক্ষেত্ৰত তত্বাৱধান।

বিগত বৰ্ষতো এনেদৰে আম পঠিয়াইছিল হাছিনাই। ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগতে সুমিষ্ট আম পঠোৱা হৈছিল অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীলৈকো। আম্ৰপালি আমৰ উপৰি যোৱা বছৰ পঠোৱা হৈছিল বিখ্যাত হাড়িভাঙা আম। আজি দিল্লীলৈ আহিব বাংলাদেশৰ বিদেশ মন্ত্ৰী ড০ এ কে আব্দুল মোমেন। দেওবাৰে দিল্লীত ভাৰত-বাংলাদেশ জইণ্ট কনছালটেটিভ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...