প্ৰথমে শ্বেখ হাছিনা, এতিয়া খালেদা জিয়াই এৰিলে দেশ!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই লণ্ডনলৈ ৰাওনা হয়। চিকিৎসাৰ বাবে ঢাকাৰ পৰা লণ্ডন অভিমুখে ৰাওনা হোৱাৰ কথা এজন উপদেষ্টাই সদৰি কৰিছে। উপদেষ্টাজনে জনোৱা মতে, খালেদা জিয়াই ৭ জানুৱাৰীৰ গভীৰ নিশা এয়াৰ এম্বুলেন্সেৰে লণ্ডনলৈ ৰাওনা হয়। খালেদা জিয়া তিনিবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ মুৰব্বীও খালেদা জিয়া। ঢাকাৰ হজৰাল শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাওঁতে দলৰ বহু নেতাই উপস্থিত থাকি যাত্ৰাৰ শুভেচ্ছা জনায়। উল্লেখ্য যে, বৰ্তমান খালেদা জিয়া লিভাৰ চিৰ’ছিছ, হৃদৰোগ আৰু বৃক্কৰ সমস্যাত আক্ৰান্ত। বাংলাদেশ বৰ্তমান ৰাজনৈতিক অনিশ্চয়তাৰ সৈতে যুঁজি আছে। শ্বেখ হাছিনা আৰু খালেদা জিয়া দুয়োগৰাকী বাংলাদেশৰ প্ৰভাৱশালী নেত্ৰী।

Popular

More like this
Related

চলন্ত ৰে’লত লাগিল জুই, পুনৰ ভাৰতীয় ৰে’লত ভয়ংকৰ ঘটনা

বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত অগ্নিকাণ্ড। নিশা কাছাৰৰ বিহাৰা ষ্টেচনত ৰে’লখনত অগ্নিকাণ্ড।...

ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)...

বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ...

গুৱাহাটীত অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...