মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ

মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ। উমকিয়াঙৰ পাহাৰৰ এখন চুপাৰি বাগিচাত উদ্ধাৰ মৃতদেহটো। মৃত লোকজন বাংলাদেশৰ আৱামী লীগৰ নেতা ইছাক আলী খান পান্না। ৬০ বছৰীয়া ইছাক আলীৰ মৃতদেহ উদ্ধাৰ মেঘালয়ৰ আৰক্ষীৰ। পাছপ’ৰ্টৰ পৰা মৃত লোকজন ইছাক আলী বুলি নিশ্চিত আৰক্ষী। বাংলাদেশ উচ্চায়ুক্তৰে যোগাযোগ কৰি নিশ্চিত কৰা হৈছে ইছাকৰ তথ্য। বাংলাদেশৰ ফিৰোজপুৰৰ আৱামী লীগৰ সাঃসম্পাদক আছিল ইছাক। হাছিনা চৰকাৰৰ পতনৰ পাছত উমকিয়াং সীমান্তৰে ভাৰত প্ৰৱেশ কৰিছিল ইছাকে। বাংলাদেশৰ ছাত্ৰ নেতাৰ ৰোষৰ পৰা বাচিবলৈ ভাৰত প্ৰৱেশ কৰিছিল ইছাকে। লোকজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...