বন্ধন বেংকৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা

বেংকৰ খুচুৰা ঋণৰ বহী ৮০ শতাংশলৈ বৃদ্ধি

বন্ধন বেংকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰে। বেংকৰ খুচুৰা ঋণ বহী সুস্থভাৱে ৮০ শতাংশ বৃদ্ধি পাই বেংকৰ পৰ্টফলিঅ’ বৈচিত্ৰ্যৰ এজেণ্ডা আৰু অধিক শক্তিশালী কৰি তুলিছে৷ এই সময়ছোৱাত মুঠ ব্যৱসায়ৰ পৰিমাণ প্ৰায় ২.২০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। বিতৰণৰ সম্প্ৰসাৰণ আৰু অনুকূল পৰিচালন পৰিৱেশৰ দ্বাৰা পৰিচালিত হৈ বেংকটোৱে এই ত্ৰৈমাসিকত উৎসাহজনক বিকাশ প্ৰত্যক্ষ কৰে।নেটৱৰ্ক সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ হিচাপে বন্ধন বেংকে লেহত এটা শাখা মুকলি কৰি কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখলৈ নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰে।ইয়াৰ জৰিয়তে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ৩৫ নম্বৰত বন্ধন বেংকৰ প্ৰৱেশ ঘটিছে। ত্ৰৈমাসিকটোত বেংকটোৱে দেশজুৰি ৮০ টা শাখা মুকলি কৰে। বৰ্তমান এই বেংকেটোৱে ভাৰতত ৬,২০০তকৈও অধিক বেংকিং আউটলেটৰ জৰিয়তে ৩.১৭ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে। বন্ধন বেংকত কাম কৰা কৰ্মচাৰীৰ সংখ্যা ৭৪ হাজাৰৰ ওপৰত।

বিত্তীয় বৰ্ষ ২৪ ৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকৰ জমা বহী পূৰ্বৰ বছৰৰ একে ত্ৰৈমাসিতকৈ ১২.৮ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। এতিয়া মুঠ জমাৰ পৰিমাণ হৈছে ১.১২লাখ কোটি টকা। মুঠ লোনৰ পৰিমাণ এতিয়া ১.০৮ লাখ কোটি টকা। আনহাতে এই ফলাফল সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকটোত বেংকৰ প্ৰদৰ্শন উৎসাহজনক আছিল। বেংকৰ বৈচিত্ৰ্যকৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ইয়াৰ খুচুৰা বেংকিং প’ৰ্টফলিঅ’ অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ যোৱা কেইটামান ত্ৰৈমাসিকত আৰম্ভ কৰা সকলো নতুন ব্যৱসায়ৰ সৈতে আৰু বেংকটোৱে হাতত লোৱা প্ৰযুক্তি পৰিৱৰ্তনৰ সৈতে, আমি এই বিত্তীয় বৰ্ষৰ বাকী সময়ছোৱাত ভাল ফলাফল লাভ কৰাৰ বাবে আত্মবিশ্বাসী৷ বেংকটোৱে এছএমই ঋণ, গ’ল্ড ঋণ, ব্যক্তিগত ঋণ আৰু অটো ঋণৰ লগতে অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত নিজৰ প’ৰ্টফলিঅ’ বৃদ্ধি কৰি আছে। বেংকটোৱে বিগত বৰ্ষত বাণিজ্যিক যান-বাহন ঋণ আৰু ব্যৱসায়ৰ বাবে সম্পত্তিৰ বিপৰীতে ঋণৰ দৰে নতুন শাখা আৰম্ভ কৰিছিল ৷ কেন্দ্ৰীয় অসামৰিক পেঞ্চন প্ৰদানৰ বাবে শেহতীয়াকৈ আৰ বি আইৰ দ্বাৰা বেংকক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...