তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বদ্ৰীনাথ মন্দিৰ

প্ৰচণ্ড শীতৰ বাবে যোৱা প্ৰায় ৬ মাহ ধৰি বন্ধ আছিল চাৰ ধাম বুলি প্ৰখ্যাত গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ। এতিয়া গ্ৰীষ্মৰ আগমনৰ লগে লগে এই মন্দিৰকেইটা ক্ৰমাৎ খুলিবলৈ লৈছে। বৃহস্পতিবাৰে পুৱা বিষ্ণু বিগ্ৰহৰ সন্মুখত পূজাৰে মুকলি কৰা হয় বদ্ৰীনাথ মন্দিৰ। আজিৰ উন্মোচনী অনুষ্ঠানৰ বৈশিষ্ট আছিল কেদাৰনাথৰ দৰে বদ্ৰীনাথ মন্দিৰো ফুলৰ লগতে অসমীয়াৰ স্বাভিমান গামোচা–জাপিৰে সুসজ্জিত কৰাটো। এক প্ৰতিবেদন।

তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বদ্ৰীনাথ মন্দিৰ

পুষ্পসজ্জাৰে সুশোভিত হিমালয়ৰ বক্ষৰ বদ্ৰীনাথ মন্দিৰ

মন্দিৰৰ সন্মুখভাগ জিলিকি উঠিল অসমীয়া স্বাভিমান জাপি-গামোচাৰে

কেদাৰনাথৰ পিছত বদ্ৰীনাথ মন্দিৰ সজোৱা হ’ল জাপিৰে

মন্দিৰত জাপি আৰু গামোচাই শোভা বঢ়ালে চৌপাশৰ

পুৱা ৭:১০ বজাত মুকলি হয় মন্দিৰৰ দ্বাৰ

বিষ্ণুৰ বিগ্ৰহৰ ওচৰত প্ৰথমবাৰ পূজা হয় নৰেন্দ্ৰ মোদীৰ

১৫ কুইণ্টল ফুলেৰে সজোৱা হৈছিল মন্দিৰৰ চৌপাশ

হেলিকপ্টাৰৰ পুষ্পবৃষ্টি কৰা হয় মন্দিৰৰ দৰ্শনাৰ্থীৰ ওপৰত

২২ এপ্ৰিলত যমুনোত্ৰী, ২৫ এপ্ৰিলত কেদাৰনাথ মন্দিৰ হ’ল উন্মোচন

বৈদিক শ্লোক ধ্বনিত হয় বদ্ৰীনাথ উন্মোচনৰ সময়ত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...