তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বদ্ৰীনাথ মন্দিৰ

প্ৰচণ্ড শীতৰ বাবে যোৱা প্ৰায় ৬ মাহ ধৰি বন্ধ আছিল চাৰ ধাম বুলি প্ৰখ্যাত গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ। এতিয়া গ্ৰীষ্মৰ আগমনৰ লগে লগে এই মন্দিৰকেইটা ক্ৰমাৎ খুলিবলৈ লৈছে। বৃহস্পতিবাৰে পুৱা বিষ্ণু বিগ্ৰহৰ সন্মুখত পূজাৰে মুকলি কৰা হয় বদ্ৰীনাথ মন্দিৰ। আজিৰ উন্মোচনী অনুষ্ঠানৰ বৈশিষ্ট আছিল কেদাৰনাথৰ দৰে বদ্ৰীনাথ মন্দিৰো ফুলৰ লগতে অসমীয়াৰ স্বাভিমান গামোচা–জাপিৰে সুসজ্জিত কৰাটো। এক প্ৰতিবেদন।

তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বদ্ৰীনাথ মন্দিৰ

পুষ্পসজ্জাৰে সুশোভিত হিমালয়ৰ বক্ষৰ বদ্ৰীনাথ মন্দিৰ

মন্দিৰৰ সন্মুখভাগ জিলিকি উঠিল অসমীয়া স্বাভিমান জাপি-গামোচাৰে

কেদাৰনাথৰ পিছত বদ্ৰীনাথ মন্দিৰ সজোৱা হ’ল জাপিৰে

মন্দিৰত জাপি আৰু গামোচাই শোভা বঢ়ালে চৌপাশৰ

পুৱা ৭:১০ বজাত মুকলি হয় মন্দিৰৰ দ্বাৰ

বিষ্ণুৰ বিগ্ৰহৰ ওচৰত প্ৰথমবাৰ পূজা হয় নৰেন্দ্ৰ মোদীৰ

১৫ কুইণ্টল ফুলেৰে সজোৱা হৈছিল মন্দিৰৰ চৌপাশ

হেলিকপ্টাৰৰ পুষ্পবৃষ্টি কৰা হয় মন্দিৰৰ দৰ্শনাৰ্থীৰ ওপৰত

২২ এপ্ৰিলত যমুনোত্ৰী, ২৫ এপ্ৰিলত কেদাৰনাথ মন্দিৰ হ’ল উন্মোচন

বৈদিক শ্লোক ধ্বনিত হয় বদ্ৰীনাথ উন্মোচনৰ সময়ত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...