ৰাজ্যৰ ব্যক্তিগত চিকিৎ‍সালয়ত অচল আয়ুষ্মান

দৰিদ্ৰ ৰোগীৰ হাহাকাৰ
চিকিৎ‍সালয়ে-চিকিৎ‍সালয়ে উত্তেজনা
চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক লৈ ৰাইজৰ ক্ষোভ

দামবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীৰ মূৰত আন এক ৰামটাঙোন। এফালে ৰাজ্যৰ চৰকাৰী চিকিৎ‍সাখণ্ডৰ তথৈবচ অৱস্থা আনফালে ব্যক্তিগতখণ্ডৰ চিকিৎ‍সালয়ৰ বৃহৎ‍ পৰিমানৰ বিল। তেনে পৰিস্থিতি সাধাৰণ দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে চিকিৎ‍সাসেৱা এক প্ৰকাৰ দুৰহ হৈ পৰিছিল। তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আয়ুষ্মান যোজনাই যথেষ্ট সকাহ দিছিল সৰ্বসাধাৰণ ৰাইজক। কিন্তু হঠাৎ‍ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যক্তিগত চিকিৎ‍সালয়ত বন্ধ বৈ পৰিছিল আয়ুষ্মান যোজনাৰ সেৱা। কোনো আগতীয়া জাননী নিদিয়াকৈ আয়ুষ্মান সেৱা বন্ধ কৰি দিয়াত হাহাকাৰ লাগিছে দৰিদ্ৰ ৰোগী তথা চিকিৎ‍সালয় কৰ্তৃপক্ষৰ মাজত। বঙাইগাঁৱৰ ল’ৱাৰ আছাম হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎ‍সালয়খনত মঙলবাৰে ১০জন ৰোগীৰ আয়ুষ্মান যোজনাৰ অধীনত পঞ্জীয়নৰ পিছত হঠাৎ‍ আয়ুষ্মান প’ৰ্টেল বন্ধা হৈ যোৱাত হাস্পতাল কৰ্তৃপক্ষ আৰু ৰোগীৰ মাজত লাগিছে হাহাকাৰ।

আয়ুষ্মান যোজনাৰ অপৰত ভৰষা কৰিয়েই ব্যক্তিগত হাস্পতালত ভৰ্তি হোৱা বহু দৰিদ্ৰ পৰিয়ালে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে। ধনৰ অভাৱত চৰকাৰে এই আঁচনি বন্ধ কৰি দিয়া মূৰত সৰগ ভাগি পৰিছে দৰিদ্ৰ ৰাইজৰ। আয়ুষ্মান যোজনাৰ সুবিধা ব্যক্তিগত চিকিৎ‍সালয় বন্ধ কৰি দিয়াৰ প্ৰসংগত চৰকাৰৰ ৰহস্যজনক মৌনতাক লৈও বৃদ্ধি পাইছে উদ্বেগ। তেনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত শীঘ্ৰে হস্তক্ষেপ কৰি পূৰ্বৰ দৰেই আয়ুষ্মান যোজনাৰ সেৱা সমূহ উপলব্ধ কৰাবলৈ দাবী জনাইছে ৰাইজ তথা দল সংগঠনে। কিন্তু অভিযোগ অনুসৰি প্ৰথম অৱস্থাৰ পৰাই আয়ুষ্মান যোজনাক লৈ ব্যাপক বেমেজালি সংঘটিত হৈছিল। এই সেৱাৰ অধীনত চৰকাৰে অধিকাংশ ব্যক্তিগত চিকিৎ‍সালয়ক দিবলৈ বাকী আছে কোটি কোটি টকা। শেহতীয়াকৈ চৰকাৰে ব্যক্তিগত চিকিৎ‍সালয় ধন দিব নোৱাৰি এই পৰিসেৱা বন্ধ কৰাৰ পূৰ্বেই ৰাজ্যৰ বহু চিকিৎ‍সালয়ে বন্ধ কৰিছিল আয়ুষ্মান সেৱা। এই সন্দৰ্ভ যোৰহাটৰ এখন ব্যক্তিগত চিকিৎ‍সালয় কৰ্তৃপক্ষই উদঙালে আয়ুষ্মানক যোজনাক লৈ চৰকাৰৰ উদাসীনতা।

এয়া দুই এটা উদাহৰণহে, এনেদৰে বহু ব্যক্তিগত হাস্পতালে পূৰ্বেই নিজাকৈ বন্ধ কৰিছিল আয়ুষ্মান। কিন্তু এতিয়া চৰকাৰেই আঁচনিখন হঠাৎ‍ এনেদৰে বন্ধ কৰি দিয়াত দিকবিদিক হেৰুৱাই ৰাইজে শীঘ্ৰে সুব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে চৰকাৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...