প্ৰেমিক কবিক আমনি কৰিবলৈ আকৌ আহিল শৰৎ!

নিজান নদীৰ পাৰ আকৌ গাভৰু হৈ পৰিছে। গ্ৰীস্মই দহি নিয়া পৃথিৱীখনে আকৌ হাঁহিবলৈ লৈছে। কাৰণ, আহিনৰ বোকোচাত উঠি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ। হয়, প্ৰেমিক কবিক আমনি কৰিবলৈ আকৌ আহিল শৰৎ।
এতিয়া এনেদৰেই নদীৰ পাৰত নাচি উঠিছে শাৰী শাৰী কঁহুৱা।শৰৎ আৰু শেৱালীৰ সম্পৰ্ক যেন বহু যুগৰ। শৰতৰ আগমনৰ বতৰা পায়েই আকৌ ফুলি উঠিল পদুলিমুখৰ শেৱালীজোপা। শৰতৰ জোনাক নিশা শেৱালীৰ সুগন্ধই সকলোকে আকৰ্ষিত কৰে। শৰতৰ পুৱা দুবৰিৰ দলিচাৰ ওপৰত সৰি থাকে সদ্য প্ৰস্ফুটিত শেৱালী। দুবৰিৰ ওপৰতে পৰি থাকে কুঁৱলীৰ শুভ্ৰ চাদৰখন। নদীৰ নিজান পাৰটোৱে সকলোকে সোঁৱৰাই দিয়ে, এয়া যে কঁহুৱা ফুলাৰ বতৰ। শুকুলা আকাশৰ তলত শুভ্ৰ কঁহুৱাই হালি-জালি নাচি থাকে। এই শৰতেই কেতিয়াবা কবিৰ কলমৰ কবিতা হৈ নিগৰে, কেতিয়াবা আকৌ কণ্ঠশিল্পীৰ কণ্ঠৰে সুৰ হৈ নিগৰে। শৰৎ সচাঁই ধুনীয়া। শৰতে কঢ়িয়াই আনে আশাৰ বতৰা। বাৰিষাৰ বোকাপানী শৰতৰ পৰশ পাই শুকাবলৈ ধৰে। শৰতৰ বুকুতে যৌৱনপ্ৰাপ্ত হয় সেউজীয়া ধানবোৰ । শৰতেই দিয়েহি উৎসৱৰ বতৰা।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...