বিষাক্ত সুৰা সেৱন কৰি ৫জন লোকৰ মৃত্যু

হৰিষদ বিষাদ! এফালে দেশজুৰি মকৰ সংক্ৰান্তি পালন কৰা হৈছে। অসমত যিদৰে উলহ মালহেৰে মাঘ বিহু পালন কৰা হৈছে, ঠিক একেদৰে দেশৰ আন আন প্ৰান্ততো স্থানীয় ৰীতি-নীতি অনুসৰি পালন কৰা হৈছে মকৰ সংক্ৰান্তিৰ উত্সৱ। এই উদযাপনৰ আনন্দৰ মাজতে ৫জনকৈ লোকে সুৰাপান কৰি মৃত্যুমুখত পৰিছে। লোককেইজনে সাধাৰণভাৱে নিয়মীয়াকৈ সুৰাপান কৰে। এইদৰে দৈনিক পান কৰা সুৰাৰ দৰেই সুৰা সেৱন কৰি মৃত্যুমুখত পৰে ৫জনকৈ লোকে। একেলগে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ঘটাৰ লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। এই ঘটনা বিহাৰৰ নালন্দাৰ। বিহাৰত ৰাজহুৱাভাবে সুৰা বিক্ৰীত বিহাৰ চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো অবৈধভাবে বিভিন্ন স্থানত প্ৰচলন হৈ আহিছে সুৰাৰ বেহা। কিদৰে বিষাক্ত সুৰা তেওঁলোকে সুৰাপান কৰিলে, ইয়াৰ আঁৰত কি তাৰ তদন্তৰ দাবী জনাইছে পৰিয়ালে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বিষাক্ত সুৰাৰ বাবে নে আন কাৰণত মৃত্যু ঘটিল সেয়া নিশ্চিত কৰা নাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...