আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ অসমৰ উমা চেত্ৰী

আয়াৰলেণ্ডৰ বিৰুদ্ধে হবলগীয়া আইডিএফচি ফাৰ্ষ্ট বেংক তিনিখন এদিনীয়া আন্তৰ্জাতিক খেলৰ শৃংখলাৰ বাবে অসমৰ উইকেট ৰক্ষক বেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান লাভ কৰিছে । অহা ১০,১২ আৰু ১৫ জানুৱাৰীত ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত উক্ত তিনিখন খেল অনুষ্ঠিত হ’ব।

অভিনন্দন জ্ঞাপন কৰি এচিএৰ সভাপতি তৰংগ গগৈয়ে কয়, ‘উমাৰ নিৰ্বাচন অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে আমি তেওঁক শুভকামনা জনাইছোঁ।’

আনহাতে এচিএৰ সম্পাদক ত্ৰিদিব কোঁৱৰে লগতে কয়, ‘উমাৰ এই কৃতিত্বৰ বাবে আমি অতিশয় গৌৰৱান্বিত । কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই তেওঁক ইমান দূৰলৈ আগুৱাই লৈ গৈছে আৰু আমি আশা কৰোঁ, তেওঁ ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব আৰু অধিক উচ্চতাত উপনীত হ’ব।’

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...