আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ অসমৰ উমা চেত্ৰী

আয়াৰলেণ্ডৰ বিৰুদ্ধে হবলগীয়া আইডিএফচি ফাৰ্ষ্ট বেংক তিনিখন এদিনীয়া আন্তৰ্জাতিক খেলৰ শৃংখলাৰ বাবে অসমৰ উইকেট ৰক্ষক বেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান লাভ কৰিছে । অহা ১০,১২ আৰু ১৫ জানুৱাৰীত ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত উক্ত তিনিখন খেল অনুষ্ঠিত হ’ব।

অভিনন্দন জ্ঞাপন কৰি এচিএৰ সভাপতি তৰংগ গগৈয়ে কয়, ‘উমাৰ নিৰ্বাচন অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে আমি তেওঁক শুভকামনা জনাইছোঁ।’

আনহাতে এচিএৰ সম্পাদক ত্ৰিদিব কোঁৱৰে লগতে কয়, ‘উমাৰ এই কৃতিত্বৰ বাবে আমি অতিশয় গৌৰৱান্বিত । কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই তেওঁক ইমান দূৰলৈ আগুৱাই লৈ গৈছে আৰু আমি আশা কৰোঁ, তেওঁ ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব আৰু অধিক উচ্চতাত উপনীত হ’ব।’

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...