তিতাবৰত উদ্বোধন হ’ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক

বছৰি ৫ লাখ থলুৱা গামোচা উৎপাদনৰ লক্ষ্য
২০ হাজাৰ আত্মসহায়ক গোটে উৎপাদন কৰিব থলুৱা গামোচা

এটা সুখবৰ। তিতাবৰত উদ্বোধন কৰা হ’ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক। উদ্বোধন কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৱে। তিতাবৰৰ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা এই সূতা বেংকটোৰ দ্বাৰা শিপিনী সকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে সোমবাৰে মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰে সূতা বেংকটো। উল্লেখ্য যে এই সূতা বেংকৰ জৰিয়তে বছৰি প্ৰায় ৫ লাখ থলুৱা গামোচা উৎপাদন কৰি উলিওয়াৰ লক্ষ্য আগত ৰাখিছে পৰিষদে। পৰিষদৰ অধীনস্থ ২০ হাজাৰ আত্মসহায়ক গোটৰ জৰিয়তে উৎপাদন কৰা হব থলুৱা গামোচা সমূহ। সূতা বেংকটোৰ জৰিয়তে শিপিনী সকলৰ বাবে স্বাৱলম্বীতাৰ পথ মুকলি কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...