ন্যায় ব্যৱস্থা দ্রুততৰ কৰাৰ বাবে বিচক্ষণ আৰক্ষী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰােপ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৯ জুন, NKTV: ‘এক বিচক্ষণ আৰক্ষী ব্যৱস্থাপনা সু-প্ৰশাসনৰ ৰাজহাড় স্বৰূপ। এই ব্যৱস্থাই উন্নয়নৰ গতি দ্রুত কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰে। আজি দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন সম্বােধন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। যিকোনাে অপৰাধ জনিত ঘটনাৰ গভীৰতালৈ গৈ ইয়াক নির্মূল কৰাৰ দিশত আৰক্ষীয়ে নিজেৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি ন্যায় প্রদান দ্রুত কৰাৰ দিশত বিশেষভাৱে সক্রিয় হ’ব লাগিব বুলিও তেওঁ কয়। ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধি অটুট ৰখাৰ দিশত আইন-শৃংখলাজনিত পৰিস্থিতি আৰু আভ্যন্তৰীণ সুৰক্ষা জৰুৰী বুলি উল্লেখ কৰি ইয়াৰ বাবে এক দক্ষ আৰু বৃত্তিগতভাৱে সক্ষম সক্রিয় চোৰাংচোৱা ব্যৱস্থাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। অপৰাধজনিত ঘটনা ৰােধ কৰাৰ বাবে আৰক্ষীয়ে গৱেষণাৰ দিশত গুৰুত্ব, কার্যব্যৱস্থাত সক্রিয়তা আৰু অপৰাধৰ অনুসন্ধানৰ দিশত বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আজিৰ এই সন্মিলনত আৰক্ষী বাহিনীৰ আধুনিকীকৰণ আৰু আৰক্ষী ব্যৱস্থাপনাক এক নতুন গতি প্রদানৰ ওপৰতাে বিতং আলােচনা কৰা হয়। আজিৰ এই সন্মিলনত বিভিন্ন স্পর্শকাতৰ অঞ্চলত নিয়ােজিত কৰাৰ বাবে অত্যন্ত সক্রিয় ১০টা কমাণ্ডো বেটিলিয়ন গঠন কৰাৰ বাবেও সিদ্ধান্ত লােৱা হয়। এই কমাণ্ডো বাহিনীক এন এছ জি কমাণ্ডোৰ লেখীয়াকৈ প্রশিক্ষণ প্রদান কৰা হ’ব। তদুপৰি, আৰক্ষীৰ কামৰ হেঁচা তথা চাপ হ্রাস কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি থকা আৰক্ষী থানাসমূহত দুটা ছিফ্টত কৰ্তব্যৰ আৱণ্টন কৰাৰ বাবেও সিদ্ধান্ত লােৱা হয়। বৈঠকত আৰক্ষীৰ আৱাসগৃহ নির্মাণকে ধৰি বিভিন্ন কল্যাণকামী দিশসমূহৰ বিষয়ওে বিতং আলােচনা কৰা হয়। বিভিন্ন বেটেলিয়নত নিয়ােজিত হৈ থকা আৰক্ষী বাহিনীৰ লােকসকলক নিজৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে এক মাহৰ বিশেষ ছুটী প্ৰদান কৰা হ’ব। ইয়াৰ বাবে এক মান সম্পন্ন পৰিচালনা। বিধি অতি সােনকালে প্রস্তুত কৰা হ’ব। তদুপৰি, বছৰত এবাৰকৈ বিনামূলীয়া বাধ্যতামূলক স্বাস্থ্য পৰীক্ষাৰ সা-সুবিধা আৰক্ষী বাহিনীত আৰম্ভ কৰা হ’ব।

বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিভিন্ন প্রশাসনিক গুৰুত্ব থকা বিষয়সমূহ আলােচনা কৰাৰ বাবে বছৰেকত পৃথকে পৃথকে দুখন আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। প্রথমখন উপায়ুক্তসকলৰ সন্মিলন এই বছৰৰ আগষ্টত ডিফুত অনুষ্ঠিত হ’ব। তদুপৰি, ৰাজ্যখনত অচিৰেই ৭টা ফৰেন্সিক বিজ্ঞান গৱেষণাগাৰ স্থাপন কৰা হ’ব। আজিৰ সন্মিলনে গৰু তথা ড্ৰাগছৰ অবৈধ বেহাৰ দিশত শূন্য সহনশীলতা নীতি গ্রহণ কৰাৰ সিদ্ধান্ত লয়। এই দিশত সকলােবােৰ আৰক্ষী অধীক্ষক তেওঁলাে জিলাসমূহৰ মাজেৰে যাতে এনে অবৈধ সৰবৰাহ হ’ব নােৱাৰে সেইটো সুনিশ্চিত কৰাৰ বাবে নির্দেশ দিয়া হয়। আন্তঃৰাজ্যিক সীমান্তৰ ওপৰত আলােকপাত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমে যিকোনাে মূল্যৰ বিনিময়ত ইয়াৰ নিজৰ সীমান্ত সুৰক্ষিত কৰিব। অৱশ্যে ৰাজ্যখনে সম-উন্নয়ন অটুট ৰখাৰ বাবে সাত ভনী ৰাজ্যৰ মাজত থকা ভাতৃত্ববােধৰ বান্ধোনক সুদৃঢ় কৰাৰ দিশত নিজৰ ভূমিকা পালন কৰি যাব বুলিও তেওঁ কয়। আজিৰ এই সন্মিলনত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষি মন্ত্রী অতুল বৰা, বিত্তমন্ত্রী অজন্তা নেওগ, স্বাস্থ্য বিভাগৰ মন্ত্রী কেশৱ মহন্ত, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ বিভাগৰ প্ৰধান সচিব নিজ বার্মাৰ লগতে অসম আৰক্ষীৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে...

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...