অসমত হ’ব আন্তঃৰাষ্ট্ৰীয় ৰেলপথ

✒️ অচিন্ত্য শৰ্মা

চীনৰ আগ্ৰাসনে সাৰ পোৱাইছে নতুন দিল্লীক
মোদী চৰকাৰে উলিয়াই আনিছে…
১৭ বছৰ পুৰণি প্ৰকল্প প্ৰস্তাবৰ ফাইল
ৰেলপথেৰে সংযোজিত হ’ব অসম আৰু ভূটান

চীনৰ বৰ্দ্ধিত আগ্ৰাসন আৰু ভাৰত-তিব্বত সীমান্তত ড্ৰেগন দস্যুৱে গঢ়ি তোলা উন্নততৰ আন্তঃগাঁথনিৰ মোকাবিলা কৰিবলৈ তত্পৰ হৈ উঠিছে নতুন দিল্লী। এই তত্পৰতাৰ অংশ হিচাপেই মোদী চৰকাৰে সঞ্জীৱিত কৰি তুলিছে ১৭ বছৰ পুৰণি এক প্ৰকল্প প্ৰস্তাৱ। পুনৰ উজ্জীৱিত কৰি তুলিছে অসমতো আন্তঃৰাষ্ট্ৰীয় ৰেলপথ স্থাপন হোৱাৰ সম্ভাৱনাক। বিশেষ ভৌগলিক অৱস্থান আৰু ব্যতিক্ৰমী ৰাজনৈতিক সম্পৰ্কৰ বাবে সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ভূটানৰ। আনহাতে থিম্ফু আৰু নতুন দিল্লীৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি চীন বা অন্য যিকোনো বিদেশী শক্তিৰ আক্ৰমণৰ পৰা ভূটানক ৰক্ষা কৰিবলৈ ভাৰত দায়বদ্ধ। সেয়ে ভূটানক লৈ ভাৰতীয় সেনাৰ সূচল সঞ্চালনৰ বাবে ভাৰত-ভূটান সংযোগী এক ৰেলপথৰ প্ৰয়োজনীয়তা সামৰিক বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি অনুভৱ কৰি আহিছিল; আৰু তেনে প্ৰয়োজনীয়তাৰ আধাৰতে হাতত লোৱা হৈছিল মুজনাই-নিয়োপালিং ৰেলপথ প্ৰকল্প। পশ্ছিমবংগ মুজনাই পৰা ভূটানৰ নিয়োপালিঙলৈ এই ৩৭.৫ কিলোমিটাৰ দৈঘ্যৰ ৰেলপথচোৱাৰ নিৰ্মাণ হ’লে ভূটানৰ মাজেৰে চীন সীমান্তলৈ দ্ৰুত সেনা সঞ্চালন সম্ভৱ হৈ উঠিলেহেঁতেন। ভাৰত আৰু ভূটান উভয় দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত পৰিলহেঁতেন ব্যাপক ইতিবাচক প্ৰভাব। পিচে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত আহি পৰা জটিলতাৰ বাবে এটা সময়ত এই প্ৰকল্পটো বাতিল কৰিব লগা হয় আৰু তাৰ পৰিবৰ্তে হাতত লোৱা হয় কোকৰাঝাৰজ-গেলেফু ৰেলপথ প্ৰকল্প। অথচ ২০০৫ চনৰে প্ৰস্তাবিত এই প্ৰকল্পটোৰ ফাইল একপ্ৰকাৰৰ ধূলিৰ মাজত পোত গৈ থাকিল সুদীৰ্ঘ ১৭ বছৰ ধৰি।

কিন্তু শেহতীয়া পৰিস্থিতিয়ে দিল্লীক জোকাৰিছে চীনৰ বৰ্দ্ধিত আক্ৰমণৰ মুখত ভূটানৰ লগত যিমান সম্ভৱ সোনকালে ৰেলসংযোগ স্থাপন কৰিবলৈ উঠিপৰি লাগিছে মোদী চৰকাৰে। উলিয়াই অনা হৈছে কোকৰাঝাৰ-গেলেফু ৰেলপথ প্ৰকল্পৰ ফাইল। এইপৰ্যন্ত সদৰি হোৱা তথ্য অনুসৰি প্ৰস্তাবিত কোকৰাঝাৰ-গেলেফু ৰেলপথৰ দৈঘ্য হ’ব এহেজাৰ কোটি টকাৰো অধিক। অৱশ্যে ৰণকৌশল দিশৰ পৰা পৰিত্যক্ত মুজনাই-নিয়োপালিং ৰেলপথ প্ৰকল্পৰ সমান উপযোগী নহ’ব কোকৰাঝাৰ-গেলেফু ৰেলপথ প্ৰকল্প। কাৰণ ভাৰত, তিব্বত আৰু ভূটানৰ ত্ৰিসংযোগ ডোকলাম অঞ্চলৰ পৰা তুলনামূলক ভাবে বেছি দূৰৈত অৱস্থিত গেলেফু। তত্সত্বেও ভূটানলৈ ৰেলৱে সেনা আৰু সামৰিক উপকৰণ সৰবৰাহৰ সুবিধাই নিশ্চিতভাবে ভাৰত-চীনৰ সৈতে ফেৰ মৰাৰ ক্ষেত্ৰত কিছু হ’লেও সহায় কৰিব। ইফালে অৰ্থনৈতিক আৰু বাণিজ্য বিশেষজ্ঞসকলৰ মতে সামৰিক দিশৰ উপৰি কোকৰাঝাৰ-গেলেফু ৰেলপথ প্ৰকল্পৰ থাকিব তাত্পৰ্যপূৰ্ণ অসামৰিক গুৰুত্বও। নামনি অসমৰ, বিশেষকৈ বড়োভূমি অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰভূত সহায় কৰিব এই ৰেলপথে। উপকৃত হব সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চল। অৱশ্যে তাৰবাবে অসমৰ সাংসদসকলে লক্ষ্য ৰাখিব লাগিব। এই প্ৰকল্প প্ৰস্তাবৰ ফাইল যাতে পুনৰ ধূলিৰ মাজত পোত নাযায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...